IND vs ENG: নতুন জাৰ্চীৰে অনন্য ৰূপত কোহলী বাহিনী!

নতুন জাৰ্চী পৰিধান কৰি টিম ইণ্ডিয়াই আকৰ্ষিত কৰিলে সকলোকে!

news18assam
Updated:June 30, 2019, 3:17 PM IST
IND vs ENG: নতুন জাৰ্চীৰে অনন্য ৰূপত কোহলী বাহিনী!
নতুন জাৰ্চী পৰিধান কৰি টিম ইণ্ডিয়াই আকৰ্ষিত কৰিলে সকলোকে!
news18assam
Updated: June 30, 2019, 3:17 PM IST
আজি বিশ্বকাপত ভাৰত ইংলেণ্ডৰ মাজত হাই ভল্টেজ মেচ। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ।মূল একাদশৰ পৰা বাদ পৰিল বিজয় শংকৰ। স্থান লাভ ঋষভ পণ্টৰ।বিশ্বকাপত ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিবলৈ আজি ইংলেণ্ডে দিব লাগিব মৰণ–পৰণ যুঁজ।  মেচত জয়ী হ’লে ভাৰতেও ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিব! আজি মেচখনত নীলা আৰু কমলা ৰঙৰ জাৰ্চী পৰিধান কৰি খেল পথাৰত অৱতীৰ্ণ হৈছে ভাৰতীয় দল।



 

ইংলেণ্ডৰ বিৰুদ্ধে আজি আজিৰ খেলত টীম ইণ্ডিয়াই কেইবাটাও অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মহেন্দ্ৰ সিং ধোনী আৰু ৰোহিত শৰ্মাই কেইবাটাও অনন্য অভিলেখ গঢ়াৰ সুযোগ আছে। ৱেষ্ট ইণ্ডিজৰ মহান খেলুৱৈ ভিভিয়ান ৰিচাৰ্ডছৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে আজিৰ খেলত।

 



 
আৰু চাওক পৰৱৰ্তী বাতৰি