মানচেষ্টাৰত আজি বতৰে কি ভূমিকা ল’ব?

News18-Assam
Updated:June 16, 2019, 8:16 AM IST
মানচেষ্টাৰত আজি বতৰে কি ভূমিকা ল’ব?
ভাৰত–পাকিস্তানৰ বহু চৰ্চিত মেচখনত হেঙাৰ হ’ব নেকি বৰষুণ!

ভাৰত–পাকিস্তানৰ বহু চৰ্চিত মেচখনত হেঙাৰ হ’ব নেকি বৰষুণ!

  • Share this:
আজি বিশ্বকাপত সমুখ সমৰত অৱতীৰ্ণ হ’ব ক্ৰিকেট বিশ্বৰ দুই চিৰপ্ৰতিদ্বন্দী ভাৰত আৰু পাকিস্তান। মেচখনক লৈ এতিয়া সীমাহীন উৎকণ্ঠা দুয়োখন দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত। ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০১৯ ত বাৰুকৈয়ে বতৰে দিছে বিধি পথালি। বৰষুণৰ বাবে ইতিমধ্যে প্ৰতিযোগিতাৰ বহুকেইখন মেচ বাতিলো হৈছে। পূৰ্বেও ভাৰত আৰু পাকিস্তান উভয়ৰে এখনকৈ মেচ পৰিত্যক্ত হৈছিল বৰষুণৰ বাবে।

আজি অনুষ্ঠিত হ’বলগীয়া ভাৰত পাকিস্তানৰ মেচখনত যেন বতৰে কোনো ধৰণৰ বিধি পথালি নিদিয়ে সকলোৱে এতিয়া সেইটোৱে কামনা কৰিছে। কিন্তু বতৰে কি প্ৰভাৱ পেলাব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনত! পুৱাৰে পৰা বিভিন্ন জনে মানচেষ্টাৰৰ শেহতীয়া বতৰক লৈ মন্তব্য কৰিছে ছচিয়েল মিডিয়াত! শনিবাৰৰ দুপৰীয়ালৈকে ধাৰাসাৰ বৰষুণ অব্যাহত থকা মানচেষ্টাৰত শনিবাৰৰ আবেলিৰ পৰা কিছু ফৰকাল হৈছিল বতৰ। কিন্তু সন্ধিয়াৰ ভাগলৈ আকৌ বৰষুণ আহে মানচেষ্টাৰত।

কিন্তু পুৱাৰ ভাগৰ বতৰে এতিয়া মেচখন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা জগাই তুলিছে! এগৰাকীয়ে মানচেষ্টাৰৰ শেহতীয়া বতৰৰ ফটো তুলি আপলোড কৰিছে নিজৰ টুইটাৰত।





কিন্তু বতৰৰ আগজাননী কৰা সংস্থা সমূহেও আজি দিনটোত বৰষুণ হোৱাৰ সম্ভাৱনাই অধিক বুলি জানিবলৈ দিছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি