• Home
  • »
  • News
  • »
  • world
  • »
  • IND vs PAK | Mohammed Shami: তুমি পাকিস্তানৰ পৰা কিমান টকা পালা ? ভাৰতৰ পৰাজয়ৰ পিছত একাংশই টাৰ্গেট কৰিলে মহম্মদ ছামীক, ছামীৰ কাষত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ...

IND vs PAK | Mohammed Shami: তুমি পাকিস্তানৰ পৰা কিমান টকা পালা ? ভাৰতৰ পৰাজয়ৰ পিছত একাংশই টাৰ্গেট কৰিলে মহম্মদ ছামীক, ছামীৰ কাষত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ...

File Photo

File Photo

টীম ইণ্ডিয়াৰ অনুৰাগীসকলে (India vs Pakistan) ছচিয়েল মিডিয়াত পাকিস্তানৰ হাতত ১০ উইকেটত পৰাজিত হোৱাৰ বাবে ক্ষোভ উজাৰিছে। আটাইতকৈ বেয়া ঘটনাটো হৈছে অৱশ্যে মহম্মদ ছামীৰ ক্ষেত্ৰত (Mohammed Shami) আৰু সেয়াও কেৱল তেওঁৰ ধৰ্মীয় পৰিচয়ৰ বাবে!

  • Share this:

অনুৰাগীসকলে টুইটাৰ আৰু ছামীৰ ইনষ্টাগ্ৰাম একাউণ্টত মন্তব্য কৰিছে যে ছামীয়ে ইচ্ছাকৃতভাৱে পাকিস্তানৰ পৰা ধন লৈ ভাৰতক হেৰুৱাইছে। তদুপৰি, ছামী সন্দৰ্ভত কিছু লোকে কুৎসিত মন্তব্য কৰিছে, যাৰ ওপৰত ছামীয়ে কোনো মন্তব্য কৰা নাই, কিন্তু প্ৰাক্তন ক্ৰিকেটাৰসকলে ভাৰতীয় স্পিডষ্টাৰৰ কাষত থিয় হৈ আছে৷ আকাশ চোপ্ৰাৰ পৰা হৰভজন, ইৰফান পাঠানলৈকে সকলোৱে ছামীৰ কাষত থিয় হৈ আছে৷ তেওঁলোকৰ সকলোৰে একেই মন্তব্য আছে, যিবোৰ গ্ৰহণযোগ্য নহয়!

Published by:Kokil Sarma
First published: