IND vs ENG: ভাৰতক জয়ৰ বাবে প্ৰয়োজন ৩৩৮ ৰান

নিৰ্ধাৰিত ৫০ অভাৰত ইংলেণ্ডে ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ৩৩৭ ৰান

news18assam
Updated:June 30, 2019, 6:58 PM IST
IND vs ENG: ভাৰতক জয়ৰ বাবে প্ৰয়োজন ৩৩৮ ৰান
নিৰ্ধাৰিত ৫০ অভাৰত ইংলেণ্ডে ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ৩৩৭ ৰান
news18assam
Updated: June 30, 2019, 6:58 PM IST
ভাৰতৰ সন্মুখত ৩৩৮ ৰানৰ বিশাল ৰানৰ লক্ষ্য বান্ধি দিলে আয়োজক দেশ ইংলেণ্ডে।  টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ইংলেণ্ডে আৰম্ভণীৰ পৰাই চাপত ৰাখিবলৈ চেষ্টা কৰে ভাৰতীয় বলাৰক। অপেনাৰ দ্বয় ৰয় আৰু বেৰিষ্ট’ৰ দৰ্শনীয় বেটিংৰ সহায়ত প্ৰথম উইকেটৰ যুটীত ১৬০ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক দিয়ে এক সুন্দৰ আৰম্ভণী।



ভাৰতৰ হৈ প্ৰথমটো সফলতা লাভ কৰে কুলদ্বীপ যাদৱে। নিজৰ ৬৬ ৰানত জাদেজাৰ হাতত কেছ দি বিদায় লয় ৰয়ে। পিছত বেন ষ্ট’ক আৰু ৰুটে ইনিংছ চম্ভালি লয় ইংলেণ্ডৰ। ৰুট আউট হোৱাৰ পিছত বাটলাৰ আৰু বেন ষ্ট’কৰ দৰ্শনীয় বেটিংৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ইংলেণ্ডে মুঠ  উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৩৭ ৰান। ইংলেণ্ডৰ হৈ সৰ্বাধিক জনি বেৰিষ্ট’ৱে ১১১ ৰানৰ এক শতকীয় ইনিংছ খেলে।

ইংলেণ্ডৰ ইনিংছ

জেচন ৰয়– ৬৬(কট জাডেজা বল কুলদ্বীপ যাদৱ )

জনি বেৰিষ্ট’– ১১১(কট পণ্ট বল ছামী )

ৰুট– ৪৪(কট হাৰ্ডিক বল ছামী )

মৰগান– ১(কট কেডাৰ যাদৱ বল ছামী)

বেন ষ্ট’ক–৭৯(কট জাডেজা বল বুমৰাহ)

জৰ্জ বাটলাৰ–২০(কট এণ্ড বল ছামী )

ৱকাছ্–৭(কট ৰোহিত শৰ্মা বল ছামী)

প্লাংকেট– অপৰাজিত ১ ৰান

ভাৰতৰ হৈ সৰ্বাধিক ছামীয়ে ৫ টা উইকেট দখল কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি