ভাৰত–অষ্ট্ৰেলিয়া মেচ/ এডম জম্পাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল, বল টেম্পাৰিঙক লৈ প্ৰশ্ন উত্থাপন

ভিডিঅ’ত অষ্ট্ৰেলিয়া লেগ স্পিনাৰে নিজৰ পকেটৰ পৰা কিবা উলিয়াই বলত খহি থকা দেখা গৈছে বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বল টেম্পাৰিং কৰাৰ অভিযোগ উঠিছিল অষ্ট্ৰেলিয়াৰ ৱাৰ্নৰ, স্মিথ আৰু বেনক্ৰাফট্ৰ বিৰুদ্ধে।

news18assam
Updated:June 10, 2019, 8:32 AM IST
ভাৰত–অষ্ট্ৰেলিয়া মেচ/ এডম জম্পাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল, বল টেম্পাৰিঙক লৈ প্ৰশ্ন উত্থাপন
ভিডিঅ’ত অষ্ট্ৰেলিয়া লেগ স্পিনাৰে নিজৰ পকেটৰ পৰা কিবা উলিয়াই বলত খহি থকা দেখা গৈছে বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বল টেম্পাৰিং কৰাৰ অভিযোগ উঠিছিল অষ্ট্ৰেলিয়াৰ ৱাৰ্নৰ, স্মিথ আৰু বেনক্ৰাফট্ৰ বিৰুদ্ধে।
news18assam
Updated: June 10, 2019, 8:32 AM IST
বিশ্বকাপত দেওবাৰে অনুষ্ঠিত হোৱা খেলত অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডম জম্পাৰৰ বিৰুদ্ধে বল টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন। লণ্ডনৰ অবেল খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মেচৰ কিছু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত ছচিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন হৈছে বল টেম্পাৰিং কৰাৰ। ভিডিঅ’ত দেখা পোৱা গৈছে জম্পাই নিজৰ পকেটৰ পৰা কিবা বস্তু উলিয়াই বলত খহিছিল।

 



 



 



 



 



জম্পাৰৰ এই ভিডিঅ’ই পুনৰাবৃত্তি কৰিলে ছেণ্ডপেপাৰ কাণ্ডৰ। জম্পায়ো সেই একেধৰণে ছেণ্ডপেপাৰ ব্যৱহাৰ কৰিলে, যেনেধৰণে বছৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ কেমৰুণ বেনক্ৰাফটে কৰিছিল। বিগত বছৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বেনক্ৰাফট, ডেভিড বাৰ্নৰ আৰু ষ্টীভ স্মিথক বল টেম্পাৰিং কৰাত দোষী সাব্যস্ত কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি