শনিবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা খেলৰ প্ৰতিটো মুহূৰ্তই আছিল স্মৰণীয়। ৰোহিত শৰ্মাই পুনৰ বেটৰ যাদু চলালে, আনহাতে কে এল ৰাহুলে ১১১ ৰানেৰে নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিলে। ৰোমাঞ্চকৰ এই খেলখনত এনেকুৱা কিছুমান দৃশ্য দেখা গ’ল যিয়ে অনুৰাগী আচৰিত কৰিবলৈ বাধ্য হ’ল। ভাৰতীয় দলটোক উৎসাহ দিবলৈ উপস্থিত হোৱা বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা আৰু ৰোহিত শৰ্মাৰ পত্নী ৰিতিকাই এগৰাকীৰ পৰা আনগৰাকীৰ দূৰত বহি থকা দেখা গ’ল।
শনিবাৰে লীডছ খেলপথাৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ কেমেৰাসমূহে যিমান মেচখন কভাৰ কৰিলে সিমানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ পত্নীকো কৰিলে। বলীউডৰ অভিনেত্ৰী আৰু বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা আৰু ৰোহিত শৰ্মাৰ পত্নী ৰিতিকাই দৰ্শকৰ মাজত বহি উপভোগ কৰিলে মেচখন।
![]()
ধাৰাবাহিকভাৱে কেমেৰাৰ সন্মুখত অহাৰ পিছতো অনুষ্কা শৰ্মা আৰু ৰিতিকা এবাৰো একেলগে নাথাকিল। দুয়োয়ে নিজৰ–নিজৰ ষ্টাইলত মেচখন উপভোগ কৰিলে। ৰোহিত শৰ্মাই শতৰান কৰাৰ লগে লগে ৰিতিকাই থিয় হৈ তেওঁৰ উৎসাহ বঢ়ালে আৰু যেতিয়া ৰোহিত শৰ্মা আউট হ’ল আৰু বিৰাট কোহলী খেলপথাৰত নামিল সেইসময়ত অনুষ্কাৰ চেহেৰে উজ্বল হৈ উঠিছিল।
![]()
প্ৰতিটো বলত হাত চাপৰি বজোৱা অনুষ্কাই বিৰাট অহাৰ পিছত এটা বেলেগ ৰূপত দেখা গৈছিল। ভাৰতে যদিও ৭টা উইকেটত মেচখন জয়ী হ’বলৈ সক্ষম হ’ল কিন্তু অনুৰাগীয়ে এটা কথাই বুজি নাপালে যে কি হৈছিল খেলুৱৈ দুগৰাকীৰ পত্নীৰ মাজত, যাৰ বাবে দুয়োগৰাকীৰ মাজত নাছিল মাতবোল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|