UN ত ইমৰাণ খানৰ সন্মুখতে ভাৰতে পাকিস্তানক কৰিলে ককৰ্থনা, ‘সন্ত্ৰাসবাদীক পেন্সন দিয়ে পাকিস্তানে’

বৈদেশিক মন্ত্ৰণালয়ৰ সচিব বিদিশা মিত্ৰই কয় যে,  ‘প্ৰধানমন্ত্ৰী ইমৰাণ খানে পাহৰি যাব নালাগে যে, ১৯৭১ চনত পাকিস্তানে নিজৰ মানুহক অত্যাচাৰ কৰাৰ বাবেই জন্ম হ’ল বাংলাদেশৰ’

News18-Assam
Updated:September 28, 2019, 11:39 AM IST
UN ত ইমৰাণ খানৰ সন্মুখতে ভাৰতে পাকিস্তানক কৰিলে ককৰ্থনা, ‘সন্ত্ৰাসবাদীক পেন্সন দিয়ে পাকিস্তানে’
Source-Google
News18-Assam
Updated: September 28, 2019, 11:39 AM IST
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতক ইটোৰ পিছত সিটো মিছা কথাৰে শলঠেকত পেলাবলৈ চেষ্টা কৰে। পিছত ভাৰতে ‘ৰাইট টু ৰিপ্লাই’ৰ জৰিয়তে পাকিস্তানৰ এনে নিকৃষ্ট মানসিকতাক ককৰ্থনা কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ সচিব বিদিশা মিত্ৰই ৰাষ্ট্ৰসংঘত পাকিস্তানে ভাৰতৰ বিৰুদ্ধ অনা অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। বিদিশা মিত্ৰই ভাষণ প্ৰসংগত কয় যে, ইমৰাণ খানৰ ভাষণ ঘৃণাৰে ভৰি আছে, সমগ্ৰ বিশ্বক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে।

ভাৰতৰ প্ৰত্যুত্তৰ

১.UN ত ইমৰাণ খানৰ সন্মুখতে ভাৰতে পাকিস্তানক  ককৰ্থনা কৰি ক’লে যে,  ‘সন্ত্ৰাসবাদীক পেন্সন দিয়ে পাকিস্তানে’। ৰাষ্ট্ৰসংঘত যি ১৩০ জন মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকা আছে, সেই সন্ত্ৰাসবাদীক পেন্সনৰ লগতে অন্যান্য সা–সুবিধা প্ৰদান কৰে পাকিস্তানে।

২. পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই কথা পাহৰি যাব নালাগে যে, ১৯৭১ চনত নিজৰ মানুহকে দেশখনত আক্ৰমণ কৰা হৈছিল। যাৰফলত আজি বাংলাদেশ নামৰ এখন ৰাষ্ট্ৰৰ জন্ম হ’ল। পাকিস্তানত শিখ, আহমদিয়া, হিন্দু, শিয়া, সিন্ধু সকলক বিভিন্ন আইনৰ আঁওতাত অন্তৰ্ভূক্ত কৰি অনাহকত আমনি কৰা হয়।

 

আৰু চাওক পৰৱৰ্তী বাতৰি