২০২০ চনৰ প্ৰথমটো দিনত বিশ্বৰ ভিতৰতে সৰ্বাধিক শিশুৰ জন্ম ভাৰতত

News18 Assam | News18-Assam
Updated:January 2, 2020, 11:45 AM IST
২০২০ চনৰ প্ৰথমটো দিনত বিশ্বৰ ভিতৰতে সৰ্বাধিক শিশুৰ জন্ম ভাৰতত
Photo : familyeducation.com

২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে।

  • Share this:
২০২০ চনৰ প্ৰথমটো দিনত বিশ্বজুৰি জন্মলাভ কৰে প্ৰায় ৪ লাখ শিশুৱে। ভাৰতত সৰ্বাধিক ৬৭,৩৮৬টি শিশুৰ জন্ম হয় নতুন বছৰৰ প্ৰথমটো দিনত। UNICEF–এ প্ৰকাশ কৰিছে এই তথ্য।

আউটলুকৰ খবৰ অনুসৰি, UNICEFৰ মতে ২০২০ চনৰ প্ৰথম দিনটোত ৩,৯২,০৭৮টি শিশুৰ জন্ম হৈছে সমগ্ৰ বিশ্বত। ইয়াৰ ভিতৰত ৬৭,৩৮৫টি শিশুৰ জন্ম হয় ভাৰতত। দ্বিতীয় স্থানত আছে চীন। চীনত এই দিনটোত জন্মগ্ৰহণ কৰে ৪৬,২৯৯টি শিশুৱে।

২০২০ চনৰ প্ৰথমটো দিনত প্ৰথমটো শিশুৰ জন্ম হয় ফিজিত আৰু অন্তিমটোৰ জন্ম হয় আমেৰিকাত। সমগ্ৰ বিশ্বত এই দিনটোত জন্ম হোৱা শিশুসকলৰ ভিতৰত ৫০ শতাংশ শিশুৰ জন্ম হৈছে ৮খন দেশত। এই দেশকেইখন হ’ল ভাৰত (৬৭,৩৮৫), চীন (৪৬,২৯৯), নাইজেৰিয়া (২৬,০৩৯), পাকিস্তান (১৬,৭৮৭), ইণ্ডোনেছিয়া (১৩,০২০), আমেৰিকা (১০,৪৫২), ডেম’ক্ৰেটিক ৰিপাব্লিক অব কংগো (১০,২৪৭) আৰু ইথিঅ’পিয়া (৮,৪৯৩)।

প্ৰতিবছৰে UNICEF–এ পহিলা জানুৱাৰীৰ দিনটো পালন কৰে Babies born on New Year Day হিচাপে। UNICEFৰ তথ্য অনুসৰি, বিগত তিনিটা দশকত বিশ্বত শিশুৰ জীৱনকাল বৃদ্ধি পাইছে। বিশ্বজুৰি নিজৰ পঞ্চম জন্মদিনৰ পূৰ্বে মৃত্যু হোৱা শিশুৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পাইছে। কিন্তু নৱজাতকৰ ক্ষেত্ৰত এই সংখ্যা হ্ৰাসৰ হাৰ লেহেমীয়া।

২০২৭ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব বুলি ধাৰণা কৰা হৈছে। ২০১৯ৰ পৰা ২০৫০ চনৰ ভিতৰত প্ৰায় ২৭৩ মিলিয়ন জনসংখ্যা যোগ হ’ব বুলি অনুমান কৰিছে ৰাষ্ট্ৰসংঘই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি