News18-Assam Updated:July 7, 2019, 10:23 AM IST
শনিবাৰে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ১০ ৰানত পৰাস্ত কৰাৰ ফলত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় ভাৰত।
শনিবাৰে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ১০ ৰানত পৰাস্ত কৰাৰ ফলত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় ভাৰত।
বিশ্বকাপৰ ছেমি ফাইনেললৈ মাজত মাথো দুটা দিন। অহা ৯ জুলাই তাৰিখে অনুষ্ঠিত হ’ব বিশ্বকাপ ২০১৯ ৰ প্ৰথমখন ছেমি ফাইনেল। প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজীলেণ্ড। মেচখনক লৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে এতিয়া সমগ্ৰ বিশ্বৰে ক্ৰিকেটপ্ৰেমী সকল।

শনিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে সহজ জয় লাভ কৰাৰ পিছত ভাৰতৰ ৰেটিং পইণ্টত ঘটিছিল উত্তৰণ। সেইদৰে ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ১০ ৰানত পৰাস্ত কৰাৰ ফলত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় ভাৰত। ফলস্বৰূপে প্ৰথমখন ছেমি ফাইনেলত পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকা নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হোৱাটো নিশ্চিত হৈ পৰে।