বিশ্বকাপ ক্ৰিকেট ২০১৯: ভাৰত–পাকিস্তানৰ মেচতো বৰষুণ হোৱাৰ সম্ভাৱণা!

News18-Assam
Updated:June 14, 2019, 9:33 AM IST
বিশ্বকাপ ক্ৰিকেট ২০১৯: ভাৰত–পাকিস্তানৰ মেচতো বৰষুণ হোৱাৰ সম্ভাৱণা!
আগন্তুক এসপ্তাহলৈ বৰষুণ এৰাৰ সম্ভাৱণা নাই মনচেষ্টাৰত!

আগন্তুক এসপ্তাহলৈ বৰষুণ এৰাৰ সম্ভাৱণা নাই মনচেষ্টাৰত!

  • Share this:
অনুমান কৰা ধৰণেই বৃহস্পতিবাৰে ভাৰত–নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগীয়া মেচ খন বতৰৰ বাবে পৰিত্যক্ত হয়।ফলত দুযোটা দলেই পইণ্ট ভগাই ল’ব লগীয়া হয়। অহা দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব ভাৰত পাকিস্তানৰ মাজত বিশ্বকাপৰ হাই ভল্টেজ মেচখন। মেচখনক লৈ এতিয়া উত্‍কণ্ঠিত দুয়োখন দেশৰ ক্ৰিকেট অনুৰাগী।



কিন্তু এতিয়া মেচখনক লৈ বতৰে কঢ়িয়াইছে শংকা। মেচখন অনুষ্ঠিত হ’ব লগীয়া মনচেষ্টাৰত আগন্তুক এসপ্তাহ ধৰি সম্ভাৱণা নাই বৰষুণ এৰাৰ। তাৰ মাজতে দেওবাৰ অনুষ্ঠিত হ’ব ভাৰত পাকিস্তানৰ মেচ।কিন্তু এতিয়া বৰুণ দেৱতাৰ ওপৰতে নিৰ্ভৰ কৰিছে মেচখনৰ ভাগ্য! পুণৰ এবাৰ বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হ’লে দুয়োটা দলেই পইণ্ট ভগাই লব লাগীয়, ফলত লোকচানৰ সন্মুখীন হ’ব টিম ইণ্ডিয়া।



বৃহস্পতিবাৰে ভাৰত নিউজীলেণ্ডৰ মাজৰ মেচ খন বাতিল হোৱাৰ পিছত এতিয়া নিউজীলেণ্ডে চাৰিখন মেচত  সাত পইণ্টেৰে তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ভাৰতে তিনিখন খেলত পাচঁ পইণ্টেৰে পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading