IND vs NZ: ছেমি ফাইনেলৰ পৰা বাহিৰ টীম ইণ্ডিয়া

জাদেজাৰ দৰ্শনীয় বেটিঙেও বচাব নোৱাৰিলে ভাৰতক। বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ড

News18-Assam
Updated:July 10, 2019, 7:33 PM IST
IND vs NZ: ছেমি ফাইনেলৰ পৰা বাহিৰ টীম ইণ্ডিয়া
জাদেজাৰ দৰ্শনীয় বেটিঙেও বচাব নোৱাৰিলে ভাৰতক। বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ড
News18-Assam
Updated: July 10, 2019, 7:33 PM IST
অৱশেষত বিশ্বকাপৰ পৰা বাহিৰ হ’ল কোহলী বাহিনী। ২৪০ ৰানৰ লক্ষ্য আগত ৰাখি ভাৰতে ২২১ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। টপ অৰ্ডাৰ বেটচমেন চুড়ান্ত ভাবে ব্যৰ্থ হোৱাৰ বাবেই অৱশেষত থমকি ৰয় ভাৰতীয় দল।

৯২ ৰানতে ৬ টাকৈ উইকেট হেৰুৱাৰ পিছত জাদেজা আৰু মহেন্দ্ৰ সিং ধোনীয়ে কিছু জয়ৰ ৰেঙণী দেখুৱাইছিল যদিও, জদাজা আউট হোৱাৰ পিছত ভাৰতৰ বাকী থকা দুটা উইকেট অতি কম সময়ৰ ভিতৰতে আউট হয়। মহেন্দ্ৰ সিং ধোনীয়েও নোৱাৰিলে ভবা মতে প্ৰদৰ্শন আগবঢ়াব। শেষ মুহূৰ্তলৈকে অতি মন্থৰ গতিত বেটিং কৰে ধোনীয়ে। শেষৰ ফালে এটা ছিক্স মাৰি ধোনীয়ে দলক জয়ৰ সোৱাদ দিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত দুৰ্ভাগ্যজনক ভাবে ৰান আউট হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি