ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চতম বৃহৎ অৰ্থব্যৱস্থা হিচাপে খ্যাত হৈছে ভাৰত। জানিব পৰা মতে ২০২১ বৰ্ষৰ অন্তিম তিনিটা মাহত ব্ৰিটেইনক পিছ পেলাই ভাৰতে বিশ্বৰ পঞ্চতম বৃহৎ অৰ্থনীতি হোৱাৰ সফলতা অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি সংবাদ মাধ্যম ব্লুমবাৰ্গৰ এক ৰিপোৰ্ট অনুসৰি, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (international monetary fund)ৰ জিডিপি সংখ্যা মতে এই গণনা য়ুএছ ডলাৰৰ ওপৰত আধাৰিত।
উল্লেখ্য যে, ভাৰতীয় অৰ্থব্যৱস্থা এই বৰ্ষৰ ৭ শতাংশৰে অধিক বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে। আনহাতে, ব্ৰিটেইনৰ সমস্যা আগন্তুক দিনবোৰত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বছৰটোৰ দ্বিতীয় তিনিমাহত দেশখনৰ জিডিপি নগদ ধনৰ হিচাপত মাত্ৰ এক শতাংশ বৃদ্ধি পাইছিল। কিন্তু মুদ্ৰাস্ফীতি বিবেচনা কৰিলে ই ০.১ শতাংশ হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ চমুকৈ আইএমএফৰ পূৰ্বানুমান অনুসৰি ভাৰতে এই বৰ্ষত বাৰ্ষিক আধাৰত ডলাৰৰ হিচাপত ইউকেক অতিক্ৰম কৰিছে আৰু এতিয়া কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জাপান আৰু জাৰ্মানীৰ পিছতেই ভাৰত আছে। মন কৰিবলগীয়া যে, এটা দশকৰ আগত ভাৰত সৰ্ববৃহৎ অৰ্থনীতিবোৰৰ ভিতৰত ১১তম স্থানত আছিল আৰু ইউকে পাঁচ নম্বৰত আছিল। গতিকে, এই এটা দশকত ভাৰতৰ এই উত্থান লক্ষণীয়।
ব্ৰিটেনৰ অৰ্থনীতি আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত কম হোৱাতো ইয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ কাৰণে এক প্ৰত্যাহৱানৰ দৰে। কন্জাৰভেটিভ পাৰ্টীৰ সদস্যই সোমবাৰে ব’ৰিছ জনছনক উত্তৰাধিকাৰী হিচাপে নিযুক্ত কৰিব। বিদেশ মন্ত্ৰী লীজ ট্ৰুজৰ এই দৌৰত ভাৰতীয় মূলৰ মন্ত্ৰী ঋষি সুনকক পিছ পেলুৱাৰ সম্ভাৱনা আছে। এই দৌৰৰ বিজয়ীয়ে চাৰি দশকৰ আটাইতকৈ তীক্ষ্ণ মুদ্ৰাস্ফীতি আৰু মন্দাৱস্থাৰ বৰ্ধিত বিপদাশংকাৰ সন্মুখীন হোৱা দেশখন সম্ভালিব। বেংক অৱ ইংলেণ্ডৰ সতৰ্কবাণী এই ক্ষেত্ৰত উদ্বেগজনক, য’ত কোৱা হৈছে যে অৰ্থনীতিৰ এই ৰাউণ্ড ২০২৪ চনলৈকে অব্যাহত থাকিব পাৰে।
- First Published :