• Home
  • »
  • News
  • »
  • world
  • »
  • COVID-19: UAEত কাম কৰা ভাৰতীয়সকলৰ বাবে ভাল খবৰ! ২৩ জুনৰ পৰা পুনৰ আৰম্ভ হ'ব বিমান সেৱা

COVID-19: UAEত কাম কৰা ভাৰতীয়সকলৰ বাবে ভাল খবৰ! ২৩ জুনৰ পৰা পুনৰ আৰম্ভ হ'ব বিমান সেৱা

ডুবাইৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ কোভিড ভেকচিন সম্পন্ন কৰা লোকসকলক আৰব এমিৰেটছত থকা নিজৰ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে।

ডুবাইৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ কোভিড ভেকচিন সম্পন্ন কৰা লোকসকলক আৰব এমিৰেটছত থকা নিজৰ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে।

ডুবাইৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ কোভিড ভেকচিন সম্পন্ন কৰা লোকসকলক আৰব এমিৰেটছত থকা নিজৰ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে।

  • Share this:
সংযুক্ত আৰব এমিৰেটছত অৰ্থাৎ UAEত কাম কৰা ভাৰতীয়সকলৰ বাবে আছে এটা ভাল খবৰ। দৰাচলতে ডুবাইস্থিত কোম্পানী এমিৰেটছ এয়াৰলাইনছ (Emirates Airline)এ আগন্তুক ২৩ জুনৰ পৰা ভাৰতৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ডুবাইৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ কোভিড ভেকচিন সম্পন্ন কৰা লোকসকলক আৰব এমিৰেটছত থকা নিজৰ ঘৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰাৰ পিছতে বিমান কোম্পানীটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এমিৰেটছ এয়াৰলাইনছ (Emirates Airline)এ টুইটযোগে কয় যে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ যাত্ৰীসকলক অনুমতি দিয়াৰ সিদ্ধান্তক ই আদৰণি জনাইছে। প্ৰটোকলৰ নিময় অনুসৰণ কৰিয়েই যাত্ৰীবাহী বিমানবোৰ ২৩ জুনৰ পৰা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

ইপিনে ভাৰতৰ পৰা ডুবাইলৈ যাত্ৰাৰ বাবে ৰখা হৈছে কেতবোৰ বিশষ চৰ্ত। এই চৰ্তবোৰ হৈছে এনেধৰণৰ -

১. কেৱল সেইসকল ভাৰতীয়কহে ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হ'ব, যিসকলে আৰব এমিৰেট স্বীকৃত কোৰোণা ভেকচিন গ্ৰহণ কৰিছে।

২. ভাৰতীয় নাগৰিকসকলে তেওঁলোকৰ উৰণৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰা পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট প্ৰদৰ্শন কৰিব লাগিব।

৩. যাত্ৰীসকলে যাত্ৰাৰ ৪ ঘণ্টা আগতে ৰেপিড পিচিআৰ পৰীক্ষা কৰিব লাগিব। কিউআৰ কোডৰ সৈতে থকা পৰীক্ষাৰ ফলাফলৰ প্ৰমাণপত্ৰকহে বৈধ বুলি গণ্য কৰা হ'ব।

৪. সকলো যাত্ৰীয়ে ডুবাই বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বাধ্যতামূলকভাৱে পিচিআৰ পৰীক্ষা কৰিব লাগিব। পিচিআৰ পৰীক্ষাৰ ফলাফল অহালৈকে যাত্ৰীসকলে প্ৰতিষ্ঠানগত কোৱাৰেণ্টাইনলৈ যাব লাগিব। ইয়াৰ বাবে প্ৰায় ২৪ ঘণ্টা সময় লাগিব পাৰে।

৫. ডুবাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত তাতো পিচিআৰ পৰীক্ষা কৰিব লাগিব।

৬. ডুবাইত উপস্থিত হোৱাৰ পিছত পিচিআৰ পৰীক্ষাৰ ফলাফল অহালৈকে ভাৰতীয়সকলে প্ৰতিষ্ঠানগত কোৱাৰেণ্টাইনলৈ যাব লাগিব।

উল্লেখ্য় যে, বিশ্বজুৰি দ্বিতীয় ঢৌৰ ত্ৰাস আৰু ভাৰতত কোভিডৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত বহু দেশে বন্ধ কৰি দিছিল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। একেদৰে সংযুক্ত আৰব এমিৰেটছেও বন্ধ কৰিছিল বিমান সেৱা। সম্প্ৰতি দ্বিতীয় ঢৌৰ সংহাৰ কিছু হ্ৰাস পোৱাত কেতবোৰ চৰ্ত সাপেক্ষে দেশখনে ভাৰত, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ লোকৰ ভ্ৰমণৰ বাবে খুলি দিছে সকলো।
Published by:Sanjay Kumar Das
First published: