ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ মজিয়াত চুবুৰীয়া পাকিস্তানে জম্মু আৰু কাশ্মীৰক লৈ কৰা মন্তব্যৰ উচিত প্ৰত্যুত্তৰ দিলে ভাৰতৰ প্ৰতিনিধিয়ে। ৰাষ্ট্ৰসংঘত ভাৰতৰ First Secretary নেহা ডুবেই প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ সাব্যস্ত কৰি কয় - জম্মু আৰু কাশ্মীৰ তথা লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, হয় আৰু থাকিব । তেওঁ লগতে কয় – 'পাকিস্তানে ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদে প্ৰতিবন্ধকতা জাৰি কৰা সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰে; ওচামা বিন লাডেনকো পাকিস্তানে আশ্ৰয় দিছিল আৰু আজিও লাডেনক পাকিস্তানে শ্বহীদৰ মৰ্যাদা প্ৰদান কৰে।'
তেওঁ কয় – পাকিস্তান অগ্নি নিৰ্বাপকৰ বেশত অগ্নি সংযোগকাৰী আৰু দেশখনে নিজৰ ভূমিত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ নীতি গ্ৰহণ কৰাৰ কাৰণে সমগ্ৰ বিশ্বই ভুগিছে । উল্লেখযোগ্য যে, ইমৰাণ খানে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত ২০১৯ চনৰ ৫ আগষ্ট তাৰিখে ভাৰতে জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ বিশেষ অনুচ্ছেদ ৩৭০ প্ৰত্যাখান বিষয়টো উল্লেখ কৰিছিল ।
খানৰ এই উদ্ধৃতিত ভাৰতৰ প্ৰতিনিধি গৰাকীয়ে প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ সাব্যস্ত কৰি - পাকিস্তান অধিকৃত কাশ্মীৰো ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি মন্তব্য কৰে। তেওঁ পাকিস্তানে অবৈধ ভাৱে দখল কৰা ভূমি ভাৰতক ঘূৰাই দিবলৈ দাবী জনায়।
আজি প্ৰধান মন্ত্ৰীৰ নৰেন্দ্র মোদীয়ে ভাৰতীয় সময় ৭.৩০বজাত নিউয়ৰ্কত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ ৭৬সংখ্যক অধিবেশনত ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণত Covid-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি, বিশ্ব সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিবৰ্তনে স্থান পোৱাৰ সম্ভাৱনা আছে ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 25, 2021, 13:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|