IND vs WI : দ্বিতীয় এদিনীয়াত ৫৯ ৰানত জয়ী ভাৰত, কোহলীৰ শতৰান

দ্বিতীয়খন এদিনীয়াৰ জয়ৰ নায়ক আছিল অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ ভুবনেশ্বৰ কুমাৰ।

News18-Assam
Updated:August 12, 2019, 7:28 AM IST
IND vs WI : দ্বিতীয় এদিনীয়াত ৫৯ ৰানত জয়ী ভাৰত, কোহলীৰ শতৰান
দ্বিতীয়খন এদিনীয়াৰ জয়ৰ নায়ক আছিল অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ ভুবনেশ্বৰ কুমাৰ।
News18-Assam
Updated: August 12, 2019, 7:28 AM IST
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত ৫৯ ৰানত জয়ী টীম ইণ্ডিয়া। ত্ৰিনিদাদত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৭৯ ৰান। ৱেষ্ট ইণ্ডিজৰ বেটিঙৰ সময়ত বৰষুণে বিধিপথালি দিয়াত ৪৬ অভাৰত ২৭০ ৰানৰ লক্ষ্য বান্ধি দিয়া হয় ঘৰুৱা দলটোক। কিন্তু ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত ২১০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে ডাকৱৰ্থ লুইছ নিয়ম অনুসৰি ৫৯ ৰানত জয়লাভ কৰে।

দ্বিতীয়খন এদিনীয়াৰ জয়ৰ নায়ক আছিল অধিনায়ক বিৰাট কোহলী আৰু বেগী বলাৰ ভুবনেশ্বৰ কুমাৰ। কোহলীয়ে ১২০ ৰানৰ অনবদ্য ইনিংছ খেলাৰ বিপৰীতে ভুবনেশ্বৰ কুমাৰে ৩১ ৰান দি লাভ কৰে ৪টা উইকেট। কোহলীয়ে ১১২টা বলতে সম্পূৰ্ণ কৰে শতৰান। কোহলীৰ এদিনীয়া ক্ৰিকেটত এয়া ৪২সংখ্যক শতৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি