অধিক শক্তিশালী হ’ব ভাৰতীয় সেনা! আমেৰিকাৰ সৈতে ঐতিহাসিক সামৰিক চুক্তি ভাৰতৰ

News18 Assam | News18-Assam
Updated:October 27, 2020, 5:58 PM IST
অধিক শক্তিশালী হ’ব ভাৰতীয় সেনা! আমেৰিকাৰ সৈতে ঐতিহাসিক সামৰিক চুক্তি ভাৰতৰ
BECA নামৰ এই ঐতিহাসিক সামৰিক চুক্তিৰ জৰিয়তে নানা দিশত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধিত সহায় কৰিব।

BECA নামৰ এই ঐতিহাসিক সামৰিক চুক্তিৰ জৰিয়তে নানা দিশত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধিত সহায় কৰিব।

  • Share this:
দিল্লীত মাৰ্কিন বিদেশ সচিব মাইক পম্পেও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক টি এছপাৰ। আমেৰিকাৰ এই দুই নেতাৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিত স্বাক্ষৰিত হ’ল এক সামৰিক চুক্তি। BECA নামৰ এই ঐতিহাসিক সামৰিক চুক্তিৰ জৰিয়তে নানা দিশত ভাৰতীয় সেনাৰ শক্তি বৃদ্ধিত সহায় কৰিব। দুই দেশৰ সেনাৰ মাজত উচ্চ শক্তিৰ সামৰিক প্ৰযুক্তি, গোপন উপগ্ৰহ তথ্য আদান–প্ৰদান সম্ভৱ হ’ব এই চুক্তিৰ জৰিয়তে।

এই আলোচনাত চীন প্ৰসংগ উত্থাপন কৰে মাইক পম্পেওৱে। তেওঁ কয়, ভাৰত আৰু আমেৰিকাই হাতে হাত ধৰি সামৰিক শক্তি বৃদ্ধিৰ কাম কৰিব যাতে চীনা কমিউনিষ্ট পাৰ্টীৰ দৰে গণতন্ত্ৰ বিৰোধী শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। বিগত বৰ্ষত চাইবাৰ ক্ষেত্ৰত দুই দেশৰ মাজত চুক্তি হৈছিল। ভাৰতৰ কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতীয় উপ–মহাদেশীয় অঞ্চলৰ শান্তি ৰক্ষাৰ বিষয়টো আলোচনাৰ মূল উপজীৱ্য আছিল। দুই দেশৰ প্ৰতিনিধিসকলে তাক লৈ বিস্তাৰিতভাৱে আলোচনা কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কিছুদিন পূৰ্বে ভাৰতলৈ আহিছে দুই মাৰ্কিন প্ৰতিনিধি। তেওঁলোকে ভাৰতৰ দুই মন্ত্ৰীৰ সৈতে পৃথকেও বৈঠকত বহে। ইয়াৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতেও বৈঠকত বহে মাইক পম্পেও। তেওঁ তাতো ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বিষয়ে উল্লেখ কৰে। ভাৰতীয় উপ–মহাদেশত এই দুই দেশৰ কৌশল কি হ’ব তাক লৈ বিস্তাৰিতভাৱে আলোচনা হয় তেওঁলোকৰ মাজত।

দুই দেশৰ দুজনকৈ প্ৰতিনিধিৰ মাজত যি বৈঠক অনুষ্ঠিত হয় তাতেই স্বাক্ষৰিত হয় B‌asic Exchange and Cooperation Agreement। অৰ্থাৎ বিশেষ এক ধৰণৰ সামৰিক উক্তি। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘আমি B‌asic Exchange and Cooperation Agreementক লৈ অতি আনন্দিত। এই চুক্তিয়ে তথ্য আদান–প্ৰদানৰ ক্ষেত্ৰত এক নতুন পথ উন্মোচন কৰিব। আমেৰিকাৰ সৈতে অধিক আলোচনাৰ বাবে আমি অপেক্ষা কৰিছো। আমি অনুধাৱন কৰিছো, ভাৰত আৰু আমেৰিকাৰ শান্তি আৰু সাৰ্বভৌমত্ব বজাই ৰাখিবলৈ দুই দেশে একেলগে কাম কৰিব লাগিব।’
Published by: Sanjay Kumar Das
First published: October 27, 2020, 5:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading