‘৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দিশে ভাৰত, ভাৰতত বিনিয়োগ কৰাৰ এয়াই উপযুক্ত সময়’

বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

News18-Assam
Updated:November 3, 2019, 6:22 PM IST
‘৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দিশে ভাৰত, ভাৰতত বিনিয়োগ কৰাৰ এয়াই উপযুক্ত সময়’
বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
News18-Assam
Updated: November 3, 2019, 6:22 PM IST
ভাৰতৰ অৰ্থনীতিক অধিক গতিশীল কৰি তুলিবৰ বাবে বিদেশী বিনিয়োগকাৰী বিচাৰি বেংককত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতত এতিয়া আগতকৈ অধিক সুবিধা ব্যৱসায় কৰিবলৈ। আগৰ দৰে জটিল কৰ ব্যৱস্থা এতিয়া দেশত নাই। সেইদৰে আগতে যি ৰঙা ফিটাৰ মেৰপাক আছিল, বৰ্তমান এই দিশতো আমাৰ চৰকাৰে অতি দায়িত্বশীল ভাবে আগবাঢ়িছে।  বিদেশী বিনিয়োগকাৰীক উদ্দেশ্যি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ভাৰতত বিনিয়োগ কৰাৰ এয়াই প্ৰকৃত সময়। তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে বেংককলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ আজি দ্বিতীয়টো দিন। দেওবাৰে মোদীয়ে এখন ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত আছিল বিভিন্ন দেশৰ উদ্যোগপতি। সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ বছৰীয়া বিজেপি চৰকাৰৰ কামৰ খতিয়ান দাঙি ধৰে। সেই সময়তে আগৰ ইউ পি এ চৰকাৰৰ সৈতে বৰ্তমানৰ চৰকাৰৰ তুলনা কৰি কয় যে, বিগত পাঁচ বছৰত  আগৰ ২০ বছৰৰতকৈ দুগুণ বিদেশী বিনিয়োগ বৃদ্ধি পালে ভাৰতত। লগতে প্ৰদানমন্ত্ৰীগৰাকীয়ে বানিজ্যিক দিশত সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়.

 
আৰু চাওক পৰৱৰ্তী বাতৰি