• Home
  • »
  • News
  • »
  • world
  • »
  • Independence Day 2021: কেৱল ভাৰতেই নহয়,  ১৮৬৬ৰ পৰা ১৯৭১ চনলৈ এই ৫ খন দেশেও ১৫ আগষ্টৰ দিনটোত লাভ কৰিছিল স্বাধীনতা, জানি লওক

Independence Day 2021: কেৱল ভাৰতেই নহয়,  ১৮৬৬ৰ পৰা ১৯৭১ চনলৈ এই ৫ খন দেশেও ১৫ আগষ্টৰ দিনটোত লাভ কৰিছিল স্বাধীনতা, জানি লওক

অহা ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।

অহা ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।

অহা ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস।

  • Share this:
অহা ১৫ আগষ্টত দেশবাসীয়ে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত কেৱল ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা নাছিল। এইসমূহ দেশেও ১৫ আগষ্টৰ দিনটোতে স্বতন্ত্ৰতা লাভ কৰিছিল।

বাহৰেইন(Bahrain)- ১৯৭১ চনৰ ১৫ আগষ্টৰ দিনটোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল বাহৰেইন। দেশখনৰ জনসংখ্যাৰ ওপৰত ৰাষ্ট্ৰসংঘই জৰীপ সম্পন্ন কৰাৰ পিছতে স্বাধীনতা ঘোষণা কৰা হৈছিল। পিছত ব্ৰিটেইনৰ সৈতে বন্ধুত্বৰ চুক্তিত স্বাক্ষৰ কৰে বাহৰেইনে।

লিচেনষ্টেইন(Liechtenstein)- বিশ্বৰ ষষ্ঠ নম্বৰৰ সৰু দেশখনে ১৮৬৬ চনৰ ১৫ আগষ্টত জাৰ্মান শাসনৰ পৰা মুক্ত হৈছিল।

দক্ষিণ আৰু উত্তৰ কোৰিয়া(North and South Korea)- দুয়োখন দেশেই ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। ১৯৪৫ চনৰ এই দিনটোতে  Korean Peninsulaৰত জাপানিজ সাম্ৰাজ্যবাদৰ অৱসান ঘটিছিল। দ্বিতীয় বিশ্ব যুদ্ধৰ অৱসানৰ পিছতে জাপানে আত্মসমৰ্পণ কৰে।

শিতল যুদ্ধৰ আৰম্ভণিৰ সময়ত আৰু ছুভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ সৈন্যৰ উপস্থিতিত অঞ্চলটো দুখন দেশত বিভক্ত হৈছিল- উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া। দুয়োখন দেশে ১৯৪৮ চনত স্বাধীন চৰকাৰ গঠন কৰিছিল।

কংগো গণৰাজ্য(the Republic of Congo)- ১৯৬০ চনৰ ১৫ আগষ্টত কংগো গণৰাজ্যই ফৰাচী শাসনৰ পৰা স্বাধীনতা লাভ কৰে। ১৮০০ দশকৰ শেষৰ ফালৰ পৰা ফ্ৰান্সে আফ্ৰিকাৰ দেশখনত আধিপত্য স্থাপন কৰি আহিছিল।
Published by:Himangshu Bhuyan
First published: