IND vs ENG: ইংলেণ্ডৰ জয়লাভ, শেষ মুহূৰ্তলৈকে যুঁজ দিও অৱশেষত থমকি ৰ’ল ভাৰত

ৰোহিত শৰ্মাৰ শতকীয় ইনিংছেও ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক। ৩১ ৰানত জয়লাভ ইংলেণ্ডৰ।

News18-Assam
Updated:June 30, 2019, 11:08 PM IST
IND vs ENG: ইংলেণ্ডৰ জয়লাভ, শেষ মুহূৰ্তলৈকে যুঁজ দিও অৱশেষত থমকি ৰ’ল ভাৰত
ৰোহিত শৰ্মাৰ শতকীয় ইনিংছেও ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক। ৩১ ৰানত জয়লাভ ইংলেণ্ডৰ।
News18-Assam
Updated: June 30, 2019, 11:08 PM IST
বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৰোমাঞ্চকৰ মেচত জয়লাভ কৰিলে ইংলেণ্ডে। শেষ মুহূৰ্তলৈকে যুঁজি হাৰ মানিলে ভাৰতে। ইংলেণ্ডে বান্ধি দিয়া ৩৩৮ ৰানৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ৩০৫ ৰানতে থমকি ৰয়।

ভাৰতৰ সন্মুখত ৩৩৮ ৰানৰ বিশাল ৰানৰ লক্ষ্য বান্ধি দিলে আয়োজক দেশ ইংলেণ্ডে। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ইংলেণ্ডে আৰম্ভণীৰ পৰাই চাপত ৰাখিবলৈ চেষ্টা কৰে ভাৰতীয় বলাৰক। অপেনাৰ দ্বয় ৰয় আৰু বেৰিষ্ট’ৰ দৰ্শনীয় বেটিংৰ সহায়ত প্ৰথম উইকেটৰ যুটীত ১৬০ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক দিয়ে এক সুন্দৰ আৰম্ভণী।তাৰ প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিয়ে ৰাহুলৰ উইকেট হেৰুৱাই উজুটি খায়। পিছত কোহলী আৰু ৰোহিত শৰ্মাই চম্ভালি লয় ভাৰতৰ ইনিংছ। পিছত মহেন্দ্ৰ সিং ধোনী আৰু হাৰ্ডিক পাণ্ডিয়াই শেষ মুহূৰ্তলৈকে যুঁজ দিছিল যদিও দলক শেষ ৰক্ষা কৰিবলৈ অসমৰ্থ হয়।

ইংলেণ্ডৰ ইনিংছ

জেচন ৰয়– ৬৬(কট জাডেজা বল কুলদ্বীপ যাদৱ )
জনি বেৰিষ্ট’– ১১১(কট পণ্ট বল ছামী )
ৰুট– ৪৪(কট হাৰ্ডিক বল ছামী )
বেন ষ্ট’ক–৭৯(কট জাডেজা বল বুমৰাহ)

জৰ্জ বাটলাৰ–২০(কট এণ্ড বল ছামী )
ভাৰতৰ হৈ সৰ্বাধিক ছামীয়ে ৫ টা উইকেট দখল কৰে।

ভাৰতৰ ইনিংছ

ৰোহিত শৰ্মা–১০২(কট বাটলাৰ বল ৱকছ)

বিৰাট কাহলী–৬৬(কট ভিনছ বল প্লাংকেট)

ঋষভ পণ্ট–৩২(কট ৱকছ বল প্লাংকেট)

হাৰ্ডিক পাণ্ডিয়া–৪৫(কট ভিনছ বল প্লাংকেট)

ধোনী– অপৰাজিত ৪২

 
আৰু চাওক পৰৱৰ্তী বাতৰি