আজি বিশ্ব বাঘ দিৱস, সমগ্ৰ দেশতে বৃদ্ধি পাইছে বাঘৰ সংখ্যা!

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে বাঘ জৰীপৰ প্ৰতিবেদন। ৫২৬ টা বাঘেৰে শীৰ্ষত মধ্যপ্ৰদেশ

News18-Assam
Updated:July 29, 2019, 12:57 PM IST
আজি বিশ্ব বাঘ দিৱস, সমগ্ৰ দেশতে বৃদ্ধি পাইছে বাঘৰ সংখ্যা!
Source-Googlle
News18-Assam
Updated: July 29, 2019, 12:57 PM IST
বিশ্ব বাঘ দিৱস উপলক্ষে ভাৰতৰ মুঠ বাঘৰ সংখ্যা ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে মুকলি কৰিলে বাঘ জৰীপৰ প্ৰতিবেদন। তীব্ৰ সংকটৰ সন্মুখীন হোৱা বনৰজাৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৯ বছৰ পূৰ্বে ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল পদক্ষেপ। ২০২২ চনৰ ভিতৰত ভাৰতৰ বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰেই ছেভ টাইগাৰ আঁচনি আৰম্ভ কৰিছিল। কিন্তু ৪ বছৰতে  লক্ষ্যত উপনীত হয় ভাৰত। এই কথা দেশবাসীক অৱগত কৰি আনন্দ লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশৰ ভিতৰতে মধ্যপ্ৰদেশত আছে সৰ্বাধিক বাঘ। ৫২৬ টা বাঘেৰে মধ্যাপ্ৰদেশ আছে শীৰ্ষ স্থানত। দ্বিতীয় স্থানত আছে মুঠ ৫২৪ টা বাঘেৰে কৰ্ণাটক। সেইদৰে বাঘৰ মুঠ সংখ্যাত তৃতীয় স্থানত থকা  উত্তৰাখণ্ডত আছে মুঠ ৪৪২ টা বাঘ।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে, ২০১৪ চনত ভাৰতবৰ্ষত  বাবে সংৰক্ষিত অঞ্চলৰ সংখ্যা আছিল ৬৯২ খন, কিন্তু ২০১৯ ত এই সংখ্যা ৮৬০ লৈ বৃদ্ধি পালে। সেইদৰে বিশ্ব টাইগাৰ দ্যে ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে , ভাৰতবৰ্ষ হ’ল বাঘ সংৰক্ষণৰ বাবে পৃথিৱীৰ সকলোতকৈ সুৰক্ষিত দেশ। ভাৰতবৰ্ষত প্ৰতিবছৰে এতিয়া বৃদ্ধি পাইছে বাঘৰ সংখ্যা। আজি দেশত মুঠ বাঘৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩০০০।

Source-Google


প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে বাঘ জীয়াই ৰাখিবলৈ সকলোকে একেলগ হ’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে,‘ মই বাঘৰ সংৰক্ষণৰ লগত জড়িতসকলক কব খোজো যে,  কাহিনী আজি ‘এক থা টাইগাৰ’ ৰ পৰা আৰম্ভ হৈ ‘টাইগাৰ জিন্দা’ হে পাইছেগৈ।’
আৰু চাওক পৰৱৰ্তী বাতৰি