உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • অমৰত্বৰ দিশে নেকি মানৱ সমাজ? ৭০ বছৰে কোনো লোকৰে মৃত্যু হোৱা নাই এই ঠাইত

    অমৰত্বৰ দিশে নেকি মানৱ সমাজ? ৭০ বছৰে কোনো লোকৰে মৃত্যু হোৱা নাই এই ঠাইত

    ১৯১৭ চনত ইনফ্লুৱেঞ্জাত ভুগি থকা এজন ব্যক্তিৰ ইয়াত মৃত্যু হোৱাৰ পিছত এতিয়ালৈ কোনো লোকৰে মৃত্যু হোৱা নাই।

    ১৯১৭ চনত ইনফ্লুৱেঞ্জাত ভুগি থকা এজন ব্যক্তিৰ ইয়াত মৃত্যু হোৱাৰ পিছত এতিয়ালৈ কোনো লোকৰে মৃত্যু হোৱা নাই।

    ১৯১৭ চনত ইনফ্লুৱেঞ্জাত ভুগি থকা এজন ব্যক্তিৰ ইয়াত মৃত্যু হোৱাৰ পিছত এতিয়ালৈ কোনো লোকৰে মৃত্যু হোৱা নাই।

    • Share this:

    পৃথিৱীত এনে বহুতো অনন্য ঠাই আৰু নিয়ম আছে, যিবোৰৰ বিষয়ে জানিলে মানুহে সহজে বিশ্বাস নকৰে। আচৰিত কৰি দিয়া এই বিচিত্ৰতাৰ প্ৰতি মানুহৰ স্বাভাৱিক কৌতূহলো থাকে। এনে এখন বিচিত্ৰ ঠাইৰ বিষয়ে জানিব পৰা গৈছে, য'ত ৭০ বছৰত কোনো মানুহৰে মৃত্যু হোৱা নাই (THE CITY WHERE NO ONE DIES)। আচৰিত লাগিলেও ই সম্পূৰ্ণ সত্য। ঠাইখন মানুহেৰে ভৰি আছে, কিন্তু ৭০ বছৰত কাৰোৱে মৃত্যু হোৱা নাই। এই ঠাইখন আছে নৰৱেত। পৃথিৱীৰ বিখ্যাত পৰ্যটন স্থলসমূহৰ ভিতৰত এক নৰৱেৰ এই ঠাইখনৰ নাম লং ইয়াৰবেন। এই ঠাইত কোনেও মৰিব নোৱাৰে।


    নৰৱেক (Norway) মিডনাইট ছান বুলিও জনা যায়। এই দেশত মে' মাহৰ পৰা জুলাইৰ শেষলৈ সূৰ্য অস্ত নাযায়। একেৰাহে ৭৬ দিন হৈ থাকে। সূৰ্য ১০ এপ্ৰিলৰ পৰা ২৩ আগষ্টলৈ অস্ত নাযায়। লং ইয়েৰবেনত প্ৰশাসনে এক আইন প্ৰণয়ন কৰিছে যে কোনো মানুহৰে ইয়াত মৃত্যু হ'ব নোৱাৰে। মানুহৰ মৃত্যুৰ ওপৰত নিষেধাজ্ঞা থকা লং ইয়াৰবেনত (LONGYEARBYEN) গোটেই বছৰজুৰি তীব্ৰ ঠাণ্ডা হয়, যাৰ ফলত শৰীৰটো পচি যোৱাত বাধা জন্মে।


    ইয়াৰ বাবে প্ৰশাসনে মৃত্যুৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আটাইতকৈ আশ্চৰ্যজনক ভাৱে, ৭০ বছৰ ধৰি এই চহৰখনত কাৰোৱে মৃত্যু হোৱা নাই। চহৰখনত মানুহৰ মৃত্যু হোৱা দেখা গৈছিল ১০০ বছৰ আগতে। অনন্য চহৰখনত খ্ৰীষ্টান ধৰ্মৰ লোকে বাস কৰে। ১৯১৭ চনত ইনফ্লুৱেঞ্জাত ভুগি থকা এজন ব্যক্তিৰ ইয়াত মৃত্যু হোৱাৰ পিছত এতিয়ালৈ কোনো লোকৰে মৃত্যু হোৱা নাই। চহৰখনৰ জনসংখ্যা প্ৰায় ২০০০। যদি কোনো এজন ব্যক্তি ইয়াত অসুস্থ হয়, তেওঁক বিমানেৰে আন ঠাইলৈ লৈ যোৱা হয়। তাৰ পিছত, একে ঠাইতে মৃত্যুৰ পিছত ব্যক্তিজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

    Published by:Gautam Barman
    First published: