চন্দ্ৰযান ২ঃ এইবাৰ ‘বিক্ৰম’ক জগাবলৈ নামিছে NASA, পঠিওৱা হৈছে মেচেজ

ছয় দিন পাৰ হোৱাৰ পিছতো সম্পৰ্ক স্থাপন হোৱা নাই লেণ্ডাৰ ‘বিক্ৰম’ৰে। 

News18-Assam
Updated:September 12, 2019, 10:04 AM IST
চন্দ্ৰযান ২ঃ এইবাৰ ‘বিক্ৰম’ক জগাবলৈ নামিছে NASA, পঠিওৱা হৈছে মেচেজ
ছয় দিন পাৰ হোৱাৰ পিছতো সম্পৰ্ক স্থাপন হোৱা নাই লেণ্ডাৰ ‘বিক্ৰম’ৰে। 
News18-Assam
Updated: September 12, 2019, 10:04 AM IST
চন্দ্ৰযান–২ মিছন এতিয়াও শেষ হৈ যোৱা নাই। ISROৰ বিজ্ঞানীয়ে লেণ্ডাৰ বিক্ৰমক জগাবলৈ সম্পূৰ্ণ শক্তিৰে প্ৰয়াস চলাই আছে। শেহতীয়াকৈ এই অভিযানত জৰিত হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ স্পেচ ৰিচাৰ্ছ অৰ্গেনাইজেশ্যন NASA। ইংৰাজী বাতৰি কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে লেণ্ডাৰ বিক্ৰমলৈ নাছাইও মেচেজ প্ৰেৰণ কৰি আছে কিন্তু এই সংযোগ এইপৰ্যন্ত একপক্ষীয় হৈয়ে আছে। অৰ্থাৎ লেণ্ডাৰ বিক্ৰমৰ ফালৰ পৰা কোনো উত্তৰ লাভ কৰিব পৰা হোৱা নাই।

NASAই পঠিয়াই আছে মেচেজ

নাছাৰ জেট প্ৰপেলেশ্যন লেবৰেটৰীয়ে লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ ৰেডিঅ’ ফ্ৰিকুৱেন্সী পঠিয়াইছে। নাছাই এই কাম ডিপ স্পেছ নেটৱৰ্কৰ জৰিয়তে কৰিছে। আমেৰিকাৰ এজন এষ্ট্ৰনট স্কট টিলেও এই কথা নিশ্চিত কৰিছে যে কেলিফ’ৰ্নিয়া স্থিত DSN ষ্টেশ্যনৰ পৰা লেণ্ডাৰ বিক্ৰমলৈ ৰেডিঅ’ ফ্ৰিকুৱেন্সী প্ৰেৰণ কৰা হৈছে। তেওঁ আনকি সেই চিগনেল ৰেকৰ্ড কৰি টুইটাৰতো শ্বেয়াৰ কৰিছে।




 
আৰু চাওক পৰৱৰ্তী বাতৰি