‘মই প্ৰথম হ’ব পাৰো, কিন্তু শেষ নহয়, এই দিনটোৱে সপোন দেখুৱাইছে কণমানিসকলক’ – ক’লে কমলা হেৰিছে

News18 Assam | News18-Assam
Updated:November 8, 2020, 4:24 PM IST
‘মই প্ৰথম হ’ব পাৰো, কিন্তু শেষ নহয়, এই দিনটোৱে সপোন দেখুৱাইছে কণমানিসকলক’ – ক’লে কমলা হেৰিছে
ফলাফল ঘোষণা হোৱাৰ পিছতে সাংবাদ মেল আয়োজন কৰি এই ইতিহাস ৰচনাৰ কথা সুন্দৰভাৱে তুলি ধৰিলে কমলাই।

ফলাফল ঘোষণা হোৱাৰ পিছতে সাংবাদ মেল আয়োজন কৰি এই ইতিহাস ৰচনাৰ কথা সুন্দৰভাৱে তুলি ধৰিলে কমলাই।

  • Share this:
মাৰ্কিন যুক্তৰাষ্ট্ৰত ইতিহাস ৰচনা কৰিলে আমেৰিকাৰ প্ৰথমগৰাকী উপ–ৰাষ্ট্ৰপতি কমলা হেৰিছে। ইয়াৰ পূৰ্বে কোনো মহিলাই হোৱাইট হাউছত উপ–ৰাষ্ট্ৰপতিৰ আসন দখল কৰা নাছিল। ইমানেই নহয়, কমলা হ’ল প্ৰথম অশ্বেতাংগ উপ–ৰাষ্ট্ৰপতিও!

আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলক লৈ সমগ্ৰ বিশ্ব উৎকণ্ঠিত হৈ আছিল। আৰু অৱশেষত শেষ হাঁহি মাৰিলে বাইডেন আৰু কমলাই। ফলাফল ঘোষণা হোৱাৰ পিছতে সাংবাদ মেল আয়োজন কৰি এই ইতিহাস ৰচনাৰ কথা সুন্দৰভাৱে তুলি ধৰিলে কমলাই। সেই বক্তব্যৰ এটা অংশৰ ভিডিঅ’ টুইট কৰিছে কমলা হেৰিছে।

কমলাই কয়, ‘আজিৰ নিশাটো প্ৰত্যেক সৰু সৰু ছোৱালীৰ চকুত সপোন। সপোন এয়াই যে এইখন আমেৰিকা সম্ভাৱনাৰ দেশ। মই এই আসনত বহা প্ৰথম মহিলা, কিন্তু শেষ নহয়। এয়া আৰম্ভণিহে। এই ধাৰা অব্যাহত থাকিব।’
Published by: Sanjay Kumar Das
First published: November 8, 2020, 4:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading