খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব ডুমিনীৰ আৰু ইমৰাণ তাহিৰৰ যাদু!

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় দক্ষিণ আফ্ৰিকাৰ দুই তাৰকাৰ

News18-Assam
Updated:July 7, 2019, 1:58 PM IST
খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব ডুমিনীৰ আৰু ইমৰাণ তাহিৰৰ যাদু!
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় দক্ষিণ আফ্ৰিকাৰ দুই তাৰকাৰ
News18-Assam
Updated: July 7, 2019, 1:58 PM IST
বিশ্বকাপত এইবাৰ চুড়ান্ত ভাৱে ব্যৰ্থ হ’ল দক্ষিণ আফ্ৰিকা। কি বলিং, কি বেটিং, কোনো দিশতে সফল হ’ব নোৱাৰিলে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ সকল। বিশ্বকাপত মাত্ৰ তিনিখন খেলত জয়লাভ কৰি সপ্তম স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল ডু প্লেচিচৰ নেতৃত্বাধীন দক্ষিণ আফ্ৰিকা দলটো।

শনিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অন্তিমখন মেচত ভাগ লৈছিল দক্ষিণ আফ্ৰিকাই। মেচখনত দক্ষিণ আফ্ৰিকাই ১০ ৰানৰ ব্যৱধানত পৰাস্ত কৰে শক্তিশালী অষ্ট্ৰেলিয়াক। মেচখন শেষ হোৱাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ দুই তাৰকা খেলুৱৈ জে পি ডুমিনী আৰু ইমৰাণ তাহিৰে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

২০০৪ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰা জে পি ডুমিনীয়ে মুঠ ১৯৯ খন এদিনীয়া মেচত ভাগলৈ ৫১১৭ ৰান সংগ্ৰহ কৰে। কেৰিয়াৰত মুঠ চাৰিটা শতক আৰু ২৭ টা অৰ্ধ শতকৰ ইনিংছ খেলা ডুমিনীৰ কেৰিয়াৰৰ বেষ্ট স্ক’ৰ অপৰাজিত ১৫০ ৰান।



স্পীন বলাৰ ইমৰাণ তাহিৰে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ। মুঠ ১০৭ খন এদিনীয়া মেচত ভাগ লৈ ১৭৩ টা উইকেট দখল কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি