পাকিস্তানৰ ৱাজিৰাবাদ চহৰৰ এক সমদলত আক্ৰমণকাৰীৰ গুলীচালনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আহত হোৱাৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ আক্ৰমণকাৰীয়ে কয় যে ইমৰাণ খানে মানুহক “বিপথে পৰিচালিত” কৰাৰ বাবে খানক হত্যাৰ চেষ্টা কৰিছিল।
আক্ৰমণকাৰী নভিদ মহম্মদ বছিৰে স্বীকাৰ কৰে যে, তেওঁ পিটিআইৰ অধ্যক্ষগৰাকীক হত্যা কৰাৰ কথা ভাবিছিল কাৰণ তেওঁ “মানুহক বিপথে পৰিচালিত কৰিছে”। "ইমৰাণ খানে ৰাইজক বিপথে পৰিচালিত কৰিছে গতিকে মই তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো" বুলি প্ৰকাশ কৰে আক্ৰমণকাৰীজনে। তদুপৰি, তেওঁ ইমৰাণ খানক আজানৰ সময়ত সংগীত বজোৱা আৰু নৃত্য কৰাকে ধৰি আল্লাহক নিন্দা কৰাৰ অভিযোগো উত্থাপন কৰিছে। "মই কেৱল ইমৰাণ খানক হত্যা কৰিব বিচাৰো" বুলিও মন্তব্য কৰিছে আক্ৰমণকাৰীজনে।
আজিৰ এই ঘটনাৰ পিছতে আজ টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতা ফাৱাদ চৌধুৰীয়ে নিশ্চিত কৰে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ভৰিত গুলি লাগিছিল। তেওঁ লগতে কয় যে তেওঁলোকৰ সংগঠনৰ আন তিনিজন নেতাও আহত হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইছলামবাদ অভিমুখে প্ৰতিবাদী সমদলৰ নেতৃত্ব দি থকাৰ সময়তে খানক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হৈছিল যদিও ইমৰাণ খান বৰ্তমান বিপদমুক্ত বুলি কোৱা হৈছে। এই ঘটনাত আহতসকলৰ ভিতৰত অন্যতম জ্যেষ্ঠ নেতা ফে'জাল জাভেদ খানে কয় যে গুলিৰ আঘাতত দলৰ এজন সদস্যই ইতিমধ্যে মৃত্যুক সাৱটি লৈছে।
Published by: Subham Goswami
First published: November 04, 2022, 01:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|