এইবাৰ মুকলিকৈ ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি, ইমৰাণ খানে ভাবুকি দিয়ে যে যদি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক পদক্ষেপ আৰম্ভ কৰে তেন্তে পাকিস্তানে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’ব।

News18-Assam
Updated:August 22, 2019, 1:23 PM IST
এইবাৰ মুকলিকৈ ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ
নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি, ইমৰাণ খানে ভাবুকি দিয়ে যে যদি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক পদক্ষেপ আৰম্ভ কৰে তেন্তে পাকিস্তানে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’ব।
News18-Assam
Updated: August 22, 2019, 1:23 PM IST
কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ শংকিত পাকিস্তানে আকৌ ভাবুকি দিছে ভাৰতক। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতক দিলে পাৰমাণৱিক যুদ্ধৰ ভাবুকি।আমেৰিকাৰ সংবাদ পত্ৰ ‘দ্য নিউয়ৰ্ক টাইম্ছ’ক দিয়া সাক্ষাৎকাৰত এই ভাবুকি প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইমৰাণ খানে কয় যে তেওঁ ভাৰতৰ সৈতে কোনো ধৰণৰ আলোচনা কৰিব নিবিচাৰে।

নিউয়ৰ্ক টাইম্ছৰ মতে, ইমৰাণ খানে কয় – ‘ভাৰতৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থ নাই। মই সকলো কৰিলো। দুৰ্ভাগ্যৰ কথা যে, এতিয়া মই পিছলৈ ঘূৰি চাই দেখিছো যে শান্তি–সম্প্ৰীতিৰ বাবে যি কৰিছিলো, সেয়া তেওঁলোকে তুষ্টিকৰণ বুলি ভাবিলে।’

নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি, ইমৰাণ খানে ভাবুকি দিয়ে যে যদি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক পদক্ষেপ আৰম্ভ কৰে তেন্তে পাকিস্তানে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ’ব।

ইমৰাণ খানে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থাক সঁচা প্ৰতিপন্ন কৰিবলৈ কাশ্মীৰত ভুৱা অভিযান আৰম্ভ কৰিব পাৰে। মোৰ চিন্তা এয়াই যে দুখন পৰমাণু–সশস্ত্ৰ দেশৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এয়া বিপজ্জনক। ইয়াৰ পূৰ্বে ইমৰাণ খানে মঙলবাৰে কৈছিল যে পাকিস্তানৰ বাবে কাশ্মীৰৰ সুৰক্ষা প্ৰথম।
আৰু চাওক পৰৱৰ্তী বাতৰি