ইমৰাণ খানে পাকিস্তানত পুনৰ সিংহাসন দখল কৰিবলৈ যুঁজ অব্যাহত ৰাখিছে। ক্ৰিকেট খেলপথাৰত যেনেকৈ তেওঁৰ হাৰ নমনা চৰিত্ৰ আছিল, ঠিক সেইদৰে ৰাজনীতিতো সহজে হাৰ নমনা চৰিত্ৰ কায়েম ৰাখিছে খানে।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ মতে, ২০২৩ চনৰ এপ্ৰিল মাহত দেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰ বাধ্য হ’ব। নতুন সামৰিক মুৰব্বীৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ লগতে কয়।
বিবিচিৰ উৰ্দুৰ সংবাদদাতা উছমান জাহিদে ইমৰান খানৰ সৈতে বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁক প্ৰশ্ন কৰে যে তেওঁ দেশৰ অৰ্থনৈতিক আৰু সামগ্ৰিক উন্নয়নৰ বিষয়ে চৰকাৰৰ সৈতে কথা পাতিবলৈ সাজু নেকি? উত্তৰত ইমৰান খানে কয়, এই চৰকাৰ কোনো নিৰ্বাচনৰ জৰিয়তে ক্ষমতালৈ অহা নাছিল। বৰং নিলামৰ জৰিয়তে ক্ষমতালৈ আহিছিল।
সংসদৰ সদস্য ক্ৰয়-বিক্ৰয় কৰি প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ক্ষমতালৈ অহাৰ অভিযোগ উত্থাপন কৰে তেওঁ। ইমৰান খানে ২০-২৫ কোটি টকাৰে সাংসদৰ ভোট ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ইমৰান খানে উল্লেখ কৰে যে তেতিয়াৰ সেনাপ্ৰধান জেনেৰেল বাজৱাই শ্বেহবাজ শ্বৰীফক সহায় আগবঢ়াইছিল। সেনা প্ৰধান বাজৱাৰ ১১০০ বিলিয়ন টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ইমৰান খানে কয় যে পাকিস্তানৰ অৰ্থনীতি ডুব গৈছে।
তেওঁ কয় যে পাকিস্তান ঋণৰ ফান্দত আবদ্ধ হৈ আছে। ইয়াৰ পৰা মুক্তিৰ একমাত্ৰ পথ মুক্ত আৰু নিকা নিৰ্বাচন। অন্যথা পাকিস্তানৰ পৰিস্থিতি শ্ৰীলংকাৰ দৰে হ’ব বুলি তেওঁ সকীয়াই দিয়ে।
''আপুনি আগষ্টৰ কথা কৈছে। কিন্তু এতিয়াৰ কথা কৈছোঁ। আমাৰ অৰ্থনীতিৰ পতন ঘটিবলৈ ওলাইছে। ৰিজাৰ্ভ মাত্ৰ চাৰি বিলিয়ন ডলাৰ। সামগ্ৰীৰ দাম বাঢ়িছে, নিবনুৱা সমস্যা বাঢ়িছে, কাৰখানা বন্ধ হৈ আছে।'' -কয় ইমৰান খানে।
উল্লেখ্য, শ্বাহবাজ শ্বৰীফে দুদিন পূৰ্বে কৈছিল যে পাকিস্তানে ভাৰতৰ সৈতে তিনিখন যুদ্ধ কৰি অতীতৰ পৰা শিকিছে। কিন্তু এয়া কোৱা উচিত নাছিল বুলি ভাবে ইমৰান খানে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|