সাধাৰণ নাগৰিকৰ দৰে আমেৰিকাৰ পৰা উভতিবলগা হ’ল ইমৰাণ খান

যাত্ৰাৰ সময়তে বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে। লগে লগে টেকনিচিয়ানে বিমানখনৰ বিজুতি দূৰ কৰাৰ চেষ্টা চলায় আৰু ইমৰাণ খান বিমানবন্দৰতে ৰৈ থাকিবলগীয়া হয়।

News18-Assam
Updated:September 29, 2019, 11:10 AM IST
সাধাৰণ নাগৰিকৰ দৰে আমেৰিকাৰ পৰা উভতিবলগা হ’ল ইমৰাণ খান
Photo : aajtak.intoday.in
News18-Assam
Updated: September 29, 2019, 11:10 AM IST
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে বাণিজ্যিক বিমানত সাধাৰণ নাগৰিকৰ দৰেই উভতিবলগীয়া হ’ল আমেৰিকাৰ পৰা। ‘আজ টক’ত প্ৰকাশ পোৱা খবৰ অনুসৰি, শনিবাৰে সন্ধিয়া ইমৰাণ খানে চৌদি আৰবৰ পৰা লোৱা বিমানযোগে উভতি অহাৰ কথা আছিল। সেইমৰ্মে ইমৰাণ খানে শনিবাৰে সন্ধিয়া নিউয়ৰ্কৰ কেনেডী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। যাত্ৰাৰ সময়তে বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে। লগে লগে টেকনিচিয়ানে বিমানখনৰ বিজুতি দূৰ কৰাৰ চেষ্টা চলায় আৰু ইমৰাণ খান বিমানবন্দৰতে ৰৈ থাকিবলগীয়া হয়। কিন্তু পিছত জানিব পৰা গ’ল যে বিমানখন যান্ত্ৰিক বিজুতি দূৰ হওঁতে বহু পলম হ’ব। বিমানবন্দৰত ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছত পাকিস্তানৰ ৰাষ্ট্ৰদূত মলিহা লোধীয়ে ইমৰাণ খানক ৰুছভেল্ট হোটেললৈ লৈ যায়, য’ত তেওঁ সাতদিনীয়া ভ্ৰমণসূচীৰ সময়ত আছিল।

পিছত এখন বাণিজ্যিক বিমানেৰে ইমৰাণ খানে ৰাওনা হয় নিজ দেশলৈ। চৌদি আৰবৰ জেদ্দাত বিশ্ৰামৰ পিছত পুনৰ পাকিস্তানলৈ ৰাওনা হ’ব ইমৰাণ খান অহা বিমানখন। দেওবাৰে সন্ধিয়ালৈ ইমৰাণ খানৰ বিমান পাকিস্তান পোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে আমেৰিকা ভ্ৰমণৰ বাবে ব্যৱহাৰৰ বাবে ইমৰাণ খানক চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে দিছিল এখন জেট বিমান। এই বিমানেৰেই ইমৰাণ খান আমেৰিকালৈ গৈছিল যদিও ওভতাৰ সময়ত বিজুতি ঘটাত বাণিজ্যিক বিমানেৰে সাধাৰণ যাত্ৰীৰ দৰেই উভতিবলগা হ’ল প্ৰধানমন্ত্ৰী ইমৰাণ খান।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি