মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Imran Khan: ইমৰানে বুজিলে পাকিস্তানতকৈ ভাৰত কিয় বেলেগ, আস্থা ভোটৰ আগদিনা ভাৰতক কিয় কৰিলে প্ৰশংসা?

Imran Khan: ইমৰানে বুজিলে পাকিস্তানতকৈ ভাৰত কিয় বেলেগ, আস্থা ভোটৰ আগদিনা ভাৰতক কিয় কৰিলে প্ৰশংসা?

Imran Khan: পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে (Pakistan Supreme Court) পাকিস্তানৰ নেচনেল এচেম্বলী (national Assembly) ভংগৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছে আৰু শনিবাৰে আস্থা ভোটৰ নিৰ্দেশ দিছে।

Imran Khan: পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে (Pakistan Supreme Court) পাকিস্তানৰ নেচনেল এচেম্বলী (national Assembly) ভংগৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছে আৰু শনিবাৰে আস্থা ভোটৰ নিৰ্দেশ দিছে।

  • Share this:
আস্থা ভোটৰ আগদিনা পাকিস্তান (Pakistan)ৰ প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan)প্ৰশংসা কৰিলে ভাৰতৰ। দেশবাসীক সম্বোধন কৰি ইমৰানে দিয়া ভাষণত সকলোকে আচৰিত কৰি ভাৰতক প্ৰশংসা (Imran Khan Praises India) কৰি ইমৰানে কয় যে কোনো ছুপাৰ পাৱাৰে ভাৰতত ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিব নোৱাৰে।। কিছুদিন আগতেও ভাৰতৰ প্ৰতি প্ৰশংসাসূচক মন্তব্য কৰিছিল ইমৰানে।

ইমৰানে কয়, "আমি আৰু ভাৰতে একেলগে স্বাধীনতা পাইছিলোঁ কিন্তু পাকিস্তানক এখন টিছু পেপাৰৰ দৰে ব্যৱহাৰ কৰি পেলাই দিয়া হৈছে।" ইমৰানে কয় যে তেওঁ আমেৰিকা (USA)ৰ বিৰোধী নহয়, কিন্তু বিদেশী ষড়যন্ত্ৰ এটা "আমাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ।"


উল্লেখ্য যে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে আমেৰিকাই ষড়যন্ত্ৰ কৰা বুলি পুনৰ অভিযোগ কৰি ইমৰানে কয়, "মই নাজানো তেওঁলোকে কেনেকৈ আৰু কাক ভাবুকি দিব বিচাৰিছে। কিন্তু আমি যদি এনেকৈয়ে শাসিত হ'ব বিচাৰোঁ তেন্তে সঁচাকৈয়ে আমি স্বাধীন হয়নে।"

উল্লেখ্য যে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে (Pakistan Supreme Court) পাকিস্তানৰ নেচনেল এচেম্বলী (national Assembly) ভংগৰ সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছে আৰু শনিবাৰে আস্থা ভোটৰ নিৰ্দেশ দিছে। শনিবাৰে আস্থা ভোটত পৰাজিত হ'লে গাদী হেৰুৱাব ইমৰান খানে।

শেহতীয়া বাতৰি