অৱশেষত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে (Pakistan Supreme Court) আস্থা ভোটৰ নিৰ্দেশ দিলে পাক চৰকাৰক। উচ্চতম ন্যায়ালয়ত শেষ ৰক্ষা নহ'ল প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan)ৰ। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে কয় যে প্ৰধানমন্ত্ৰী সংবিধানৰ অধীনত আৰু সেয়েহে তেওঁ ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰিবলৈ পৰামৰ্শ দিব নোৱাৰে। এই বুলি শনিবাৰে, ৯ এপ্ৰিলত পুৱা ১০ বজাত অনাস্থা প্ৰস্তাৱত আস্থা ভোট (Trust Vote) গ্ৰহণৰ নিৰ্দেশ দিলে ন্যায়ালয়ে। পাকিস্তানৰ জিঅ' নিউজত এই বাতৰি প্ৰকাশ।
ন্যায়ালয়ে লগতে সংসদৰ উপাধ্যক্ষৰ ৰায়ক অসাংবিধানিক বুলিও ঘোষণা কৰে। আদালতে নেচনেল এচেম্বলী (national Assembly) ভংগ কৰাকে ধৰি ইয়াৰ পিছত লোৱা ৰায় আৰু পদক্ষেপসমূহ খাৰিজ কৰে। পাকিস্তানৰ চামা নিউজত এই বাতৰি প্ৰকাশ।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 07, 2022, 21:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|