• Home
  • »
  • News
  • »
  • world
  • »
  • ইমৰাণ খানে ক'লে কোন জড়িত থাকিব পাৰে এই আক্ৰমণত; ল'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামো

ইমৰাণ খানে ক'লে কোন জড়িত থাকিব পাৰে এই আক্ৰমণত; ল'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামো

ইমৰাণ খানে ক'লে কোন জড়িত থাকিব পাৰে এই আক্ৰমণত; ল'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামো

ইমৰাণ খানে ক'লে কোন জড়িত থাকিব পাৰে এই আক্ৰমণত; ল'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামো

ভিডিঅ’ বাৰ্তাত পিটিআই নেতা আছাদ উমৰে কয় যে ইমৰাণ খানে তেওঁলোকক চিকিৎসালয়ৰ পৰা ফোন কৰি তেওঁৰ হৈ এই বাৰ্তা দেশবাসীলৈ প্ৰেৰণ কৰিবলৈ কয়। ইয়াৰ পূৰ্বেও কিছু তথ্য লাভ কৰা বুলিও কয়।

  • Share this:
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ঘনিষ্ঠ সহায়ক আছাদ উমৰে কয় যে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষই বৃহস্পতিবাৰে দেশখনৰ পঞ্জাৱ প্ৰদেশত অনুষ্ঠিত হোৱা এক সমাৱেশৰ সময়ত তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত তিনিজন ব্যক্তিৰ নাম সন্দেহযুক্তৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

এটা ভিডিঅ’ বাৰ্তাত উমৰে কয় যে খানে তেওঁলোকক চিকিৎসালয়ৰ পৰা ফোন কৰি তেওঁৰ হৈ দেশবাসীক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ কয়। ইয়াৰ পূৰ্বেও কিছু তথ্য লাভ কৰা বুলিও কয়। ইমৰাণ খানে সন্দেহযুক্ত বুলি উল্লেখ কৰা তিনিজন ব্যক্তি হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ, পাকিস্তানৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফৈজাল।


"ইমৰাণ খানে কয় যে তেওঁৰ মতে এই আক্ৰমণত তিনিজন লোক জড়িত আছিল – শ্বেহবাজ শ্বৰীফ, ৰাণা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফৈজাল। তেওঁ লগতে কয় যে তেওঁ কিছু তথ্য লাভ কৰিছে আৰু সেই ভিত্তিতে এই কথা কৈছে।" বুলি ভিডিঅ’টোত পিটিআইৰ নেতা মিয়ান আছলাম ইকবালৰ সৈতে থকা উমৰে এইদৰে কয়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি