ব্লেকলিষ্টেড হোৱাৰ পৰা বাচিবলৈ পাকিস্তানৰ নতুন কৌশল, হাফিজ ছইদৰ ৪ ঘনিষ্ঠ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ধৃত সন্ত্ৰাসবাদীকেইটা জামাত–উদ–দাৱা আৰু লস্কৰ–ই–তৈবাৰ সৈতে জড়িত।

News18-Assam
Updated:October 11, 2019, 12:58 PM IST
ব্লেকলিষ্টেড হোৱাৰ পৰা বাচিবলৈ পাকিস্তানৰ নতুন কৌশল, হাফিজ ছইদৰ ৪ ঘনিষ্ঠ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
হাফিজ ছইদ
News18-Assam
Updated: October 11, 2019, 12:58 PM IST
সন্ত্ৰাসবাদীক নিজৰ ভূমিত আশ্ৰয় দি এতিয়া বিপদত পৰিছে পাকিস্তান। সন্ত্ৰাসবাদীক পুঁজি যোগান আৰু অবৈধভাৱে ধন সৰবৰাহৰ ওপৰত নজৰ ৰখা আন্তঃৰাষ্ট্ৰীয় সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ (FATF)ত পাকিস্তানক ব্লেকলিষ্টেড কৰা হ’ব পাৰে। সেইবাবেই ইমৰাণ খান চৰকাৰে বিশ্ববাসীক বিপথে পৰিচালিত কৰিবৰ বাবে সন্ত্ৰাসবাদী হাফিজ ছইদৰ চাৰি ঘনিষ্ঠক গ্ৰেপ্তাৰ কৰিছে। কোৱা হৈছে যে ধৃত সন্ত্ৰাসবাদীকেইটা জামাত–উদ–দাৱা আৰু লস্কৰ–ই–তৈবাৰ সৈতে জড়িত।

পাকিস্তান এই কথাক লৈ আশংকাত ভুগিছে যে যদি ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চে ব্লেকলিষ্টেড কৰে তেন্তে পাবলগীয়া ঋণ বন্ধ হৈ যাব। সেইবাবেই ১৩ৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত পেৰিছত হ’বলগীয়া FATFৰ বৈঠকৰ পূৰ্বে পাকিস্তানে সন্ত্ৰাসবাদী হাফিজ ছইদৰ ঘনিষ্ঠৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা। ইমৰাণ খান চৰকাৰে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীকেইটাৰ নাম জাফৰ ইকবাল, হাফিজ ইহায়া, মহম্মদ আছৰফ আৰু ইকবাল ছালাম।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি