বিদেশী গণ্যমান্য ব্যক্তি আৰু ৰাষ্ট্ৰপতিসকলৰ পৰা উপহাৰ হৰলুকী কৰাৰ অপৰাধত শুকুৰবাৰে পাকিস্তানৰ শীৰ্ষ নিৰ্বাচনী ন্যায়াধীকৰণে দোষী সাব্যস্ত কৰাৰ পিছতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছে বুলি এগৰাকী অধিবক্তা আৰু এগৰাকী মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
বিদেশ ভ্ৰমণৰ সময়ত লাভ কৰা আৰু ১৪ কোটি পাকিস্তানী টকা (৬ লাখ ৩৫ হাজাৰ ডলাৰ)তকৈ অধিক মূল্যৰ ৰাজ্যিক দখলত থকা উপহাৰ অবৈধ ক্ৰয়-বিক্ৰয়ৰ বাবে ২০১৮-২০২২ চনৰ প্ৰিমিয়াৰশ্বিপৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল ৭০ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ তথা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ ওপৰত। উল্লেখযোগ্য যে, খানে এই অভিযোগ অস্বীকাৰ কৰিছে।
সংবাদমেলত আইন মন্ত্ৰী আজম নাজিৰ তাৰাৰে কয় যে খানক দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত অযোগ্য ঘোষণা কৰা হৈছে। পাকিস্তানৰ আইন অনুসৰি দুৰ্নীতি বা ৰাজহুৱা পদৰ অপব্যৱহাৰৰ অপৰাধত দোষী সাব্যস্ত হোৱা বিধায়কক পাঁচ বছৰ পৰ্যন্ত নিষিদ্ধ কৰিব পাৰি।
খানৰ দলৰ এজন অধিবক্তা ফৈছাল চৌধুৰীয়ে ৰয়টাৰ্ছক জনোৱা মতে, এই বিষয়ত নিৰ্বাচন আয়োগৰ ন্যায়াধীকৰণৰ কোনো অধিকাৰ নাই আৰু ইছলামাবাদ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান দাখিল কৰা হ’ব। ই এক অবৈধ আৰু অসাংবিধানিক আদেশ বুলিও তেওঁ কয়।
খানৰ দলৰ মুখপাত্ৰ ফৱাদ চৌধুৰীয়ে সমৰ্থকসকলক ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। বিভিন্ন চহৰত সমৰ্থকসকলে সমবেত হয়, পথ আৰু ৰাস্তা-ঘাট বন্ধ কৰি দিছিল যদিও হিংসাত্মক পৰিস্থিতিৰ কোনো খবৰ পোৱা নাই বুলি বিষয়াসকলে জনায়।
চলিত বৰ্ষৰ আৰম্ভণিতে আস্থা ভোটত খানক বৰ্খাস্ত কৰাৰ পিছত তেওঁৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰা শাসকীয় মিত্ৰজোঁটে এই গোচৰটো নিৰ্বাচন আয়োগৰ সন্মুখত দাখিল কৰিছিল। স্থানীয় জিঅ’ নিউজ টিভিৰ দ্বাৰা প্ৰচাৰিত ৰেকৰ্ডিং কৰা মন্তব্যত লণ্ডনত সাংবাদিকৰ আগত শাসকীয় পাকিস্তান মুছলিম লীগ- নৱাজ (পিএমএল-এন)ৰ পৰা খানৰ বিৰোধী মৰিয়াম নৱাজে কয় যে, ‘এতিয়া প্ৰমাণিত হৈছে যে তেওঁ এজন চোৰ।'
চৰকাৰী বিষয়াসকলে জনোৱা মতে, উপহাৰসমূহৰ ভিতৰত আছিল এটা ৰাজপৰিয়ালে দিয়া দামী ঘড়ী, যিসকলে পূৰ্বেও অভিযোগ উত্থাপন কৰি আহিছে যে খানৰ সহায়কসকলে ডুবাইত বিক্ৰী কৰিছিল।
চৰকাৰে কয় যে এজন প্ৰধানমন্ত্ৰী বা তেওঁৰ কৰ্মচাৰীয়ে নিৰ্ধাৰিত হাৰত নিলামৰ জৰিয়তে কিনিব পৰা ব্যয়বহুল উপহাৰ ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা আয়ৰ উৎসও ঘোষণা কৰা নাই।
ঘড়ী বিক্ৰী কৰাটো অনৈতিক আৰু কূটনৈতিক লজ্জাজনক বুলি অভিহিত কৰি তাৰাৰে কয় যে ইমৰাণ খানে কেৱল নিজৰ সঠিক সম্পত্তি আৰু উপাৰ্জনৰ উৎস ঘোষণা নকৰাকৈ নিৰ্বাচন আয়োগক মিছা কথা কোৱাই নহয়, পাকিস্তানৰ জনসাধাৰণকো মিছা কথা কৈছিল।
Published by: Subham Goswami
FIRST PUBLISHED : October 22, 2022, 21:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।