‘সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তান’– সততে এনেদৰে পাকিস্তানক উদ্দেশ্যি বিভিন্ন দেশৰ মুৰব্বীয়ে কৰে মন্তব্য। এইবাৰ নিজৰ দেশত জেহাদীক প্ৰশিক্ষণ দিয়া হৈছিল বুলি অপকট স্বীকাৰোক্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। ইয়াৰ আগতে পাকিস্তানৰ গৃহমন্ত্ৰীয়েও স্বীকাৰ কৰিছিল এই কথা। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে স্বীকাৰ কৰিলে যে, সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ দিয়াৰ নামতে পাক চৰকাৰে খৰচ কৰিছিল প্ৰায় ৭ লাখ কোটি টকা।
প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য অনুসৰি দেশ খনত দুৰ্ধষ সন্ত্ৰাসবাদী সংগঠন জেহাদীৰ কেডাৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। কিন্তু সেই সময়ত ছোভিয়েট সংঘৰ (Soviet Unioun)ৰ বিৰোধিতাৰেহে এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে। প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, পাকিস্তানক এই প্ৰশিক্ষণৰ বাবে অৰ্থৰ যোগান ধৰা হৈছিল আমেৰিকাৰ চি আই এ ফাণ্ডৰ পৰা। ইমৰান খানে আমেৰিকাৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰি কয়- এটা দশকৰ পিছত এতিয়া আমেৰিকা আফগানিস্তানত উপস্থিত হৈ কয় যে পাকিস্তান এখন সন্ত্ৰাসবাদৰ দেশ!
উল্লেখযোগ্য যে ভাৰতে প্ৰায়ে অভিযোগ কৰি থাকে যে, পাকিস্তানে ইচ্ছাকৃত ভাবে সন্ত্ৰাসবাদীক বিভিন্ন উপায়েৰে সহায় কৰে লগতে ভাৰত বিৰোধী কাৰ্যকলাপ চলাবলৈ উৎসাহ যোগায়। ভাৰতে এনেদৰে অভিযোগ কৰি থকাৰ সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 13, 2019, 12:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।