ভাৰতৰ কাৰণেই বিশ্বৰ অৰ্থনৈতিক বিকাশ লেহেমীয়া হৈছে! – ঘোষণা IMFৰ মুৰব্বীৰ

News18 Assam | News18-Assam
Updated:January 21, 2020, 2:40 PM IST
ভাৰতৰ কাৰণেই বিশ্বৰ অৰ্থনৈতিক বিকাশ লেহেমীয়া হৈছে! – ঘোষণা IMFৰ মুৰব্বীৰ
নিজৰ এক ব্লগ পোষ্টত তেওঁ লিখিছে যে ভাৰত আৰু ভাৰতৰ দৰে আন উন্নয়নশীল দেশত লেহেমীয়া গতিৰ বাবে বিশ্বৰ বিকাশৰ হাৰ হ্ৰাস কৰিবলগীয়া হৈছে।

নিজৰ এক ব্লগ পোষ্টত তেওঁ লিখিছে যে ভাৰত আৰু ভাৰতৰ দৰে আন উন্নয়নশীল দেশত লেহেমীয়া গতিৰ বাবে বিশ্বৰ বিকাশৰ হাৰ হ্ৰাস কৰিবলগীয়া হৈছে।

  • Share this:
বিশ্ব অৰ্থব্যৱস্থাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য IMFৰ মুৰব্বী তথা মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথৰ। গোপীনাথে কয় যে গোলকীয় বিকাশৰ ৮০ শতাংশ লেহেমীয়া গতিৰ বাবে ভাৰত জগৰীয়া। নিজৰ এক ব্লগ পোষ্টত তেওঁ লিখিছে যে ভাৰত আৰু ভাৰতৰ দৰে আন উন্নয়নশীল দেশত লেহেমীয়া গতিৰ বাবে বিশ্বৰ বিকাশৰ হাৰ হ্ৰাস কৰিবলগীয়া হৈছে।

IMF–এ ২০১৯–২০ বিত্তীয় বৰ্ষৰ বাবে আনুমানিক অৰ্থনৈতিক বিকাশ হাৰ ৬.১ শতাংশৰ পৰা ৪.৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। গোপীনাথে কয় যে আমি ২০১৯ৰ বাবে বিশ্ব বিকাশ ২.৯ শতাংশ আৰু ২০২০ৰ বাবে ৩.৩ শতাংশ অনুমান কৰিছো, যিটো অক্টোবৰৰ অনুমানতকৈ ০.১ শতাংশ কম। ইয়াৰ অধিকাংশ ভাৰতৰ বাবে আমাৰ ডাউনগ্ৰেডৰ পৰা আহে, যিটো দুয়োটা বৰ্ষৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল।

২০২০ বিত্তীয় বৰ্ষৰ আনুমানিক জিডিপি ৯০ শতাংশ হ্ৰাস কৰি ৭.৪ শতাংশৰ পৰা ৬.৫ শতাংশ কৰা হৈছে। IMF–এ কয় যে ঘৰুৱা চাহিদা হ্ৰাস ইয়াৰ ডাঙৰ কাৰণ, যিটো নন–বেংকিং বিত্তীয় কোম্পানীৰ সংকট আৰু ক্ৰেডিট গ্ৰ’থ কমাৰ ফলত হৈছে। IMF–এ কয় যে কেন্দ্ৰীয় বেংকৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপ আৰু খাৰুৱা তেলৰ দামৰ স্থিৰ থাকিলে বিকাশৰ ক্ষেত্ৰত সুফল পোৱা যাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি