চিনেমা নহয় বাস্তৱ! সুন্দৰীৰ ভেশত গভাইত চোৰকে বিয়া পাতিলে এইজন ইমামে!

News18 Assam | News18-Assam
Updated:January 15, 2020, 8:30 PM IST
চিনেমা নহয় বাস্তৱ! সুন্দৰীৰ ভেশত গভাইত চোৰকে বিয়া পাতিলে এইজন ইমামে!
ফটো উৎসঃইণ্টাৰনেট

বিয়া পতাৰ দুই সপ্তাহৰ পাছত গম পালে মৰমৰ পত্নী মহিলা নহয়, চোৰ বিদ্যাত পাকৈত এজন পুৰুষ

  • Share this:
মহম্মদ মুটুম্বা নামৰ এজন ইমামে আজি দুই সপ্তাহৰ আগতে সম্পন্ন কৰিছিল নিকাহ  ।নতুন কইনাই ইমামৰে বিভিন্ন শাৰীৰিক অসুবিধাৰ গইনা লৈ  স্থাপন কৰা নাছিল শাৰীৰিক সম্পৰ্ক ।

তেনেতে ঘটিল এক সাংঘাতিক ঘটনা । ইমামৰ চুবুৰীয়াই অভিযোগ দিলে যে ইমামৰ পত্নীয়ে ওখ দেৱাল পাৰ হৈ চুবুৰীয়াৰ ঘৰত প্ৰৱেশ কৰিলে টিভি আৰু অন্যান্য সামগ্ৰী চুৰি কৰিবলৈ চেষ্টা কৰিছে । আৰু চুবুৰীয়াৰ মতে ইমামৰ পত্নী এজন পুৰুষ।
এই ঘ্টনা ঘটিল উগাণ্ডাৰ কায়ুংগা জিলাত । উপায়বিহীন হৈ ইমাম চাহাব কাষ চাপিল আৰক্ষীৰ । আৰক্ষীয়ে আটক কৰিলে ইমামৰ পত্নীক । বোৰ্খা পিন্ধি থকাৰ ফলত পুলিচে নিৰ্ধাৰণ কৰিব নোৱাৰিলে অভিযুক্তৰ লিংগ । বিবুধিত পৰিল পুলিচ । অভিযুক্তৰ শাৰীৰিক পৰীক্ষণ পুৰুষ আৰক্ষীৰে কৰোৱা যায় নে মহিলা আৰক্ষীৰে ? অৱশেষত এগৰাকী মহিলা আৰক্ষীৰে পৰীক্ষণৰ অন্তত ধৰা পৰিল ইমামৰ পত্নী প্ৰকৃততে এজন পুৰুষহে । মুখ মণ্ডলৰ মেক আপ আঁতৰোৱাৰ পাছত সি ওলাল এটা সেই অঞ্চলৰ গভাইত চোৰ । পাছত পুলিচৰ ওচৰত ইমাম আৰু ইমামৰ ওচৰ চুবুৰীয়াৰ ঘৰৰ সকলো চুৰি কৰি উধাও হবলৈ সেই কাৰ্য কৰিছিল বুলি মানি লয় ।
আৰু চাওক
পৰৱৰ্তী বাতৰি