আদালতৰ ভাৰ্চুৱেল শুনানিত অধিবক্তাৰ সলনি ওলাল মেকুৰী, আচৰিত ন্যায়াধীশক অধিবক্তাই ক’লে এইটো ময়েই, মেকুৰী নহয় !

News18 Assam | News18-Assam
Updated:February 10, 2021, 4:37 PM IST
আদালতৰ ভাৰ্চুৱেল শুনানিত অধিবক্তাৰ সলনি ওলাল মেকুৰী, আচৰিত ন্যায়াধীশক অধিবক্তাই ক’লে এইটো ময়েই, মেকুৰী নহয় !
জুম ক'ল (Zoom Call)ৰ ফিল্টাৰ নোহোৱা কৰিবলৈ ব্যৰ্থ হোৱা অধিবক্তাই ক'লে এনেদৰে ... "মই মেকুৰী নহয়,"।

জুম ক'ল (Zoom Call)ৰ ফিল্টাৰ নোহোৱা কৰিবলৈ ব্যৰ্থ হোৱা অধিবক্তাই ক'লে এনেদৰে ... "মই মেকুৰী নহয়,"।

  • Share this:
আধুনিক এই সময়ত ইন্টাৰনেটত আমি প্ৰায়েই দেখিবলৈ পাও ভিন্ন প্ৰকাৰে মেকুৰীয়ে আমি কোৱা কথাবোৰ কৈ যোৱা। কিন্তু এইবাৰ ইন্টাৰনেন্টত ভাইৰেল হৈ পৰিছে মেকুৰীৰ লগতেই জড়িত আন এটা ভিডিঅ'।

আমেৰিকাৰ আদালতৰ এক ভাৰ্চুৱেল শুনানিৰ সময়ত সংঘটিত হ'ল এনে এক ঘটনা । দৰাচলতে ন্যায়াধীশ ৰয় ফাৰ্গুচনে মঙলবাৰে জুম ক'ল (Zoom Call)ৰ জৰিয়তে টেক্সাছৰ ৩৯৪তম ন্যায়িক জিলা আদালতৰ ভাৰ্চুৱেল প্ৰক্ৰিয়া মুকলি কৰিছিল । তেতিয়া তেওঁ অধিবক্তাৰ ঠাইত এটা মেকুৰী দেখিবলৈ পোৱাৰ আশাই কৰা নাছিল। কিন্তু হঠাত্ তেওঁ দেখিলে তলৰ সোঁ কোণত থকা মৰমলগা নীলা চকুৰ এটা "মেকুৰী"। প্ৰকৃততে সেয়া আছিল এজন অধিবক্তাৰ কম্পিউটাৰত অন হৈ থকা এটা ফ্লিটাৰৰ কাণ্ড।

ঠিক তেনে সময়তে ন্যায়াধীশগৰাকীয়ে কয়, "মিঃ পন্টন, মই জনাত আপুনি ভিডিঅ' ছেটিংছত ফিল্টাৰ অন কৰিছে। তাৰ প্ৰত্যুত্তৰত পণ্টনে কৈছিল, "মই ইয়াত লাইভত আছো , মই মেকুৰী নহয়," পন্টনে কয় এনেদৰে কৈছিল।

তাৰ পাচতে ন্যায়াধীশগৰাকীয়ে কয়, মই ইয়াত দেখি আছো। তেতিয়া পন্টনে কয়, মোৰ সহায়কে ছেটিংছ ঠিক কৰিবলৈ চেষ্টা কৰি আছে।

শুনানিৰ এই ভিডিঅ' এতিয়া ব্যাপক হাৰত ভাইৰেল হোৱা পৰিলক্ষিত হৈছে | ভাইৰেল হোৱাৰ লগে লগে, ফাৰ্গুচনে এটা টুইটত লিখিছে "গুৰুত্বপূৰ্ণ জুম টিপ: যদি আপোনাৰ শিশুৱে আপোনাৰ কম্পিউটাৰ ব্যৱহাৰ কৰে, তেন্তে ভাৰ্চুৱেল শুনানিত অংশ গ্ৰহণৰ পূৰ্বে নিশ্চিত কৰক ফিল্টাৰ বন্ধ হৈ আছে নে নাই। অন্যথা এনে ঘটনা সংঘটিত হ'ব পাৰে |

ইপিনে ৬৯ বছৰীয়া পণ্টনে ৰয়টাৰক জনায় যে, ফিল্টাৰটো কেনেদৰে আহিল সেই সম্পৰ্কে তেওঁ নিশ্চিত নহয়।

"মই জুমৰ মাধ্যমেৰে এই শুনানিত উপস্থিত হ'বলৈ মোৰ সচিবৰ কম্পিউটাৰ ব্যৱহাৰ কৰিছিলো আৰু যেতিয়া সকলোৱে সাজু হোৱাৰ পাচতে ন্যায়াধীশে গোচৰৰ বাবে সকলোকে ক'ল কৰে আৰু তেতিয়াই হঠাত্ সকলোৰে মুখ জুমত দেখিবলৈ পোৱা গৈছিল।




"আৰু মোৰ বাহিৰে সকলোৰে মুখ দেখিবলৈ পোৱা গৈছিল, মোৰ মুখখনৰ ঠাইত আহিছিল মেকুৰী আছিল,"

লগতে তেওঁ কয় যে, "ন্যায়াধীশজনেই ফিল্টাৰটো আঁতৰাবলৈ তেওঁক সহায় কৰিছিল আৰু শুনানি আগবাঢ়িছিল।" ন্যায়াধীশ ফাৰ্গুচনে ইয়াক "মনোৰঞ্জনৰ ঘটনা" বুলি কৈছিল।



সকলোৱে ইয়াত সুন্দৰকৈ অংশগ্ৰহণ কৰাৰ লগতে অবিশ্বাস্য ৰূপত তেওঁৰ প্ৰতি উদাৰ হয়।

ইয়াৰ ঠিক পাচতে ভাইৰেল হৈ পৰিছে এই ভিডিঅ' আৰু এই সম্পৰ্কত অধিবক্তাগৰাকীয়ে কয়, "যদিহে মই দেশবাসীৰ মুখত আমাৰ সেই কঠিন সময় মাজতো এক মুহূৰ্তৰ বাবে হাঁহি বিৰিঙাব পাৰিছো, তেন্তে তেওঁলোকক সেয়া কৰিবলৈ দি মই আনন্দিত।"

কিন্তু এতিয়া একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰগৰ তুলি প্ৰশ্ন কৰিছে - আমি এনে মৰমলগা মেকুৰী ফিল্টাৰটো ক'ত লাভ কৰিম ?
First published: February 10, 2021, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি