গুৱাহাটী IITত জাপানৰ ছাত্ৰৰ আত্মহনন

News18-Assam
Updated:November 21, 2019, 6:29 PM IST
গুৱাহাটী IITত জাপানৰ ছাত্ৰৰ আত্মহনন

  • Share this:
গুৱাহাটী IIT ত জাপানৰ ছাত্ৰৰ আত্মহনন। IITৰ লোহিত ছাত্ৰাৱাসত আত্মহনন জাপানৰ ছাত্ৰজনৰ। ছাত্ৰজনৰ নাম কোটা অনডা। আই আই টিৰ BSBEৰ ছাত্ৰ আছিল অনডা।  হোষ্টেলৰ ভেণ্টিলেছনত ছিপ লৈ আত্মহত্যা ছাত্ৰজনৰ।জাপানৰ জিফু বিশ্ববিদ্যালয়ত অধ্যয়নৰত অনডা ষ্টুডেণ্ট একচেঞ্জ অনুসৰি IITগুৱাহাটীলৈ আহিছিল। অহা ২৩ নবেম্বৰলৈ বৈধতা আছিল ছাত্ৰজনৰ আই ডি কাৰ্ডৰ। কিন্তু ২৩ নবেম্বৰলৈ মাজত এটা দিন বাকী থকা অৱস্থাত কিয় জাপানৰ ছাত্ৰজনে আত্মহনন কৰিবলগীয়া হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত  আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে, IITত গুৱাহাটীত এতিয়ালৈ ৯জন ছাত্ৰই কৰিলে আত্মহনন।
First published: November 21, 2019, 6:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading