দিনে–নিশাই ফাষ্টফুড খাই হেৰুৱালে দৃষ্টিশক্তি! আপুনিও হওক সাৱধান

ফল–মূল বা ঘৰুৱা খাদ্যৰ সলনি কেৱল ফাষ্টফুডহে পচন্দ কৰে নে কি? সাৱধান হওক কাৰণ অতিৰিক্ত ফাষ্টফুডে শৰীৰৰ ভিটামিন আৰু কপাৰৰ পৰিমাণ নিম্নগামী কৰে। ফলত বেমাৰে আগুৰি ধৰে। 

News18
Updated:September 3, 2019, 10:24 PM IST
দিনে–নিশাই ফাষ্টফুড খাই হেৰুৱালে দৃষ্টিশক্তি! আপুনিও হওক সাৱধান
সাংকেতিক ছবি
News18
Updated: September 3, 2019, 10:24 PM IST
ব্ৰিটেইনত এজন যুৱক এইকেইদিন চৰ্চাত আছে। বিগত কিছু বছৰৰ পৰা ল’ৰাজনে কেৱল আহাৰ হিচাপে ফাষ্টফুডহে গ্ৰহণ কৰি আছিল। ফ্ৰেঞ্চফ্ৰাইজ আৰু চিপচ জাতীয় খাদ্যহে ল’ৰাজনে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰূপে গ্ৰহণ কৰি আছিল। শেহতীয়াকৈ যুৱকজন ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুৱাব লগীয়া হোৱাৰ লগতে কাণেৰেও নুশুনা হৈ আহিছে।

ফাষ্টফুডে আপোনাৰ শৰীৰৰ ভয়ংকৰ ক্ষতি কৰে।


খবৰ অনুসৰি ১৯বছৰীয়া যুৱকজনে বিগত তিনিবছৰৰ পৰা কেৱল চিপচ, ফ্ৰেঞ্চফ্ৰাইজ, বগা ব্ৰেড আৰু চচেজ খাইছিল। তিনিবছৰ একেৰাহে ফাষ্টফুড খাই যুৱকজনে দৃষ্টিশক্তি  হেৰুৱাইছে। দৰাচলতে যুৱকজনৰ শৰীৰত প্ৰয়োজনীয় ভিটামিন–১২ আৰু কপাৰৰ পৰিমাণ ইমান বেছিকৈ হ্ৰাস পায় যে তেওঁৰ চকুৰ অপ্টিত নাৰ্ভ নষ্ট হয়। লগতে শৰীৰত ভিটামিন–ডিৰ পৰিমাণো উদ্বেগজনকভাৱে কমি গৈছিল যুৱকজনৰ।

মেল অনলাইনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই ল’ৰাজনে যি খাইছিল তাত পুষ্টিকৰ উপাদান একোকে নাছিল আৰু জাংক ফুডে শৰীৰৰ ভালেখিনি ক্ষতি কৰি গুৰুতৰ অৱস্থা পোৱাইগৈ।

চকুৰ পিছফালৰ অংশত অসংখ্য নাৰ্ভ থাকে আৰু এইবোৰে ৰেটিনাৰ পৰা পোৱা তথ্য মগজুলৈ লৈ যায়। কিন্তু পুষ্টিকৰ আহাৰৰ অভাৱত এই নাৰ্ভসমূহ দুৰ্বল হৈ ক্ষতিগ্ৰস্ত হৈ পৰে। এই ৰোগক ন্যুট্ৰিশ্যনল অপ্তিক ন্যুৰ’পেথি (এনঅএন) কোৱা হয়।


দহবছৰৰ পৰা খোৱা নাছিল ফল–পাচলি!

ব্ৰিষ্টলৰ বাসিন্দা এই যুৱকজনে বিগত দহবছৰে কোনো ধৰণৰ ফল বা পাচলি নোখোৱাটো ৰোগৰ ডাঙৰ কাৰকৰূপে চিহ্নিত হৈছে। আধৰুৱাকৈ কলেজৰ পাঠ্যক্ৰম বাদি দিছিল যুৱকজনে।

খাদ্যাভ্যাসে যুৱকজনৰ শৰীৰত এসোপামান ৰোগ ঢালি দিছিল। চকুৰ অসুখ আৰম্ভ হৈছিল ১৪বছৰ বয়সতে। এই ৰোগক ন্যুট্ৰিশ্যনল অপ্তিক ন্যুৰ’পেথি (এনঅএন) কোৱা হয়।

কেৱল ঘৰত সোমাই থকা, লগৰীয়াৰ সৈতে সৰুৰে পৰা খেল–ধেমালি নকৰা যুৱকজনক চিকিৎসকে ইতিমধ্যে সম্পূৰ্ণৰূপে দৃষ্টিহীন ঘোষণা কৰিছে। যুৱকজনৰ মাতৃয়ে জনোৱা মতে স্কুলৰ পৰা পুত্ৰই আইটি কলেজত নামভৰ্তি কৰিছিল কিন্তু এতিয়া তেওঁ পঢ়া–শুনা এৰিবলৈ বাধ্য হৈছিল। ল’ৰাজনে না চকুৰে দেখা পায় না শুনা পায়।

উদ্বেগজনকভাৱে সৰু কালতে ল’ৰাজনে অন্য খাদ্য নোখোৱাৰ বাবে পৰিয়ালে তেওঁক চিপচ জাতীয় সামগ্ৰী আনি দিছিল আৰু লাহে লাহে ল’ৰাজনৰ এক মাৰাত্মক খাদ্যাভ্যাস গঢ়ি উঠে। চিকিৎসকে জনোৱা মতে বেয়া খাদ্যাভ্যাসে কেৱল হৃদযন্ত্ৰৰ ক্ৰিয়াতে প্ৰভাৱ নেপেলায়, ইয়াৰ ফলত মেদবহুলতাৰ সমস্যাৰ লগতে দৃষ্টিশক্তিও বাধাগ্ৰস্ত হয়। ইয়াৰ লগতে কাণেৰে নুশুনা হোৱা, হাড় দুৰ্বল হোৱা আৰু অসংখ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।

পৰীক্ষাত ওলোৱা মতে ল’ৰাজন ৰক্তহীনতাত ভুগিছিল আৰু তেওঁৰ শৰীৰত প্ৰয়োজনীয় ৰক্তকণিকা সৃষ্টি হোৱা নাছিল। তেওঁক ভিটামিনৰ ইনজেকচন আৰু মাছ, মাংস, ফল–মূল, পাচলি আদি  সকলো ধৰণৰ খাদ্য খাবলৈ পৰামৰ্শ দিয়া হৈছিল কিন্তু এইবোৰ পালন কৰোতে পলম হোৱাৰ বাবে ফল নধৰিল।

চিকিৎসকে ৰেজিষ্টাৰ্ড ব্লাইণ্ড ঘোষণা কৰা যুৱকজনে এতিয়া কেৱল ডাঙৰ আখৰহে মনিব পাৰে। চকুৰ মাজত ব্লাইণ্ড স্পট পৰাটো সুস্পষ্ট হৈ পৰিছে। অৱশ্যে পেৰিফেৰেল দৃষ্টি কিছু বাচি থকাৰ বাবে ক্ষীণকৈ কিছু বস্তু দেখা পায় কিন্তু আনৰ সহায় নোলোৱাকৈ ক’তো অহা যোৱা কৰিব নোৱাৰা হৈ পৰিল তেওঁ। অপ্তিক নাৰ্ভ বেয়া হৈ গৈছে আৰু সেয়া পুনৰ ভাল হোৱাৰ আশা নাই।

শৰীৰৰ প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য খাদ্য হিচাপে গ্ৰহণ নকৰিলে অপ্তিক নাৰ্ভ নষ্ট হয় আৰু সেয়া দুনাই ঘুৰাই পোৱা অসম্ভৱ হৈ পৰে গতিকে কেৱল ফাষ্টফুডৰ ওপৰত নিৰ্ভৰশীল সকল সাৱধান হওক!
আৰু চাওক পৰৱৰ্তী বাতৰি