Washing Machine: আপোনাৰ ঘৰত যদি আছে ৱাশ্বিং মেচিন তেনেহ’লে আপোনাক আতংকিত কৰিব এই খবৰে! পঢ়ক সবিশেষ

News18 Assam | News18-Assam
Updated:April 1, 2021, 2:41 PM IST
Washing Machine: আপোনাৰ ঘৰত যদি আছে ৱাশ্বিং মেচিন তেনেহ’লে আপোনাক আতংকিত কৰিব এই খবৰে! পঢ়ক সবিশেষ

  • Share this:
Glasgow: ঘটনাটো বিদেশৰ কিন্তু আপোনাক জোকাৰি যাব। সংঘটিত হৈছে গ্লাছগ’ত। এক দূৰ্ভাৰ্গ্যজনক ঘটনাই আচৰিত কৰি তোলে এগৰাকী মহিলাক যেতিয়া তেখেতৰ ৱাশ্বিং মেচিন (Washing Machine)টো চলি থকাৰ মাজতে বিস্ফোৰণ হৈ তেখেতৰ পাকঘৰৰ ক্ষতি কৰে। লৰা বিৰেলে (Laura Birrell) নামৰ মহিলাগৰাকীয়ে আন ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰাৰ উদ্দেশ্যে ফেচবুক (Facebook)ত তেখেতৰ পাকঘৰ ধ্বংসাৱশেষৰ ছবি শ্বেয়াৰ কৰিছিল। গ্লাছগো (Glasgow) নিবাসী ব্যৱসায়ী মহিলাগৰাকীয়ে কৈছিল যে তেখেতৰ ৱাশ্বিং মেচিনটো চলি থকাৰ মাজতে "আক্ষৰিকভাৱে বিস্ফোৰণ" হয় আৰু তেখেতৰ পাকঘৰটো ধোঁৱাৰে ভৰি পৰে।
বিৰেলে ফেচবুকত শ্বেয়াৰ কৰা ফটোবোৰৰ পৰা অনুমান কৰিব পাৰি যে মেচিনটোৰ ওপৰৰ পাকঘৰৰ শীৰ্ষটো স্পষ্টভাৱে বিস্ফোৰণৰ ফলত উফৰি গৈছিল। মেচিনটোৰ ওপৰিভাগৰ ক্ষতি হৈছিল, যাৰ ফলত প্লাষ্টিক আৰু ধাতুৰ অংশ মজিয়াত ছিটিকি পৰিছিল।
বিৰেলে কৈছিল যে মেচিনটোৰ ড্ৰামটো তেখেৰৰ পাকঘৰৰ ৱৰ্কটপ (worktop) আৰু ড্ৰেইনাৰ (drainer)ৰ মাজেৰে বিস্ফোৰণ হৈছিল। মহিলাগৰাকীয়ে লিখিছিল, "মই প্ৰায়ে শুনিছিলোঁ যে ঘৰৰ পৰা ওলাই যাওঁতে ৱাশ্বিং মেচিন অ’ন কৰি এৰি যাব নালাগে। "আজি মই আনন্দিত যে মই যন্ত্ৰটো বিস্ফোৰণৰ সময়ত মই কোনো ঠাইলৈ ওলাই যোৱা নাছিলোঁ।"

"এটা গ্লাছ চিঙ্ক ড্ৰেনাৰ ইউনিটৰ সৈতে মই ভাবিছিলো যে বোমা বিস্ফোৰণ হৈছে, চাৰিওফালে গ্লাছ সিচঁৰতি হৈ পৰিছিল," তেখেতে পুনৰ যোগ দিয়ে।



সৌভাগ্যক্ৰমে, ৱাছিং মেচিনটো বিফল হোৱাৰ সময়ত শ্ৰীমতী বিৰেল ঘৰত আছিল আৰু ধোঁৱাই তখেতৰ পাকঘৰ চানি ধৰিবলৈ আৰম্ভ কৰিছিল। অধিক ক্ষতি ৰোধ কৰিবলৈ তেখেতে মেচিনটো সোনকালে বন্ধ কৰিবলৈ সক্ষম হৈছিল।

"কিন্তু মই বাহিৰলৈ ওলাই গ’লে কেতিয়াও ৱাশ্বিং মেচিন অন কৰি থৈ নাযাওঁ। মই কল্পনাও কৰিব নোৱাৰো যে যদি সেই সময়ত ৱাৰেন বা মাৰ্ক পাকঘৰত থাকিলে মই কি ফলাফল লাভ কৰিলোহেতেন," তেখেতে লিখিছিল।
মহিলাগৰাকীয়ে দিয়া পোষ্টটো প্ৰায় ৫০০ শ্বেয়াৰ আৰু বহুতো কমেণ্টৰ সৈতে ভাইৰেল হৈ পৰিছে। "OMG এইটো সঁচাকৈয়ে ভয়ংকৰ। আনন্দিত যে আপোনাৰ কোনো ক্ষতি হোৱা নাই," এজন ব্যক্তিয়ে এনেদৰে কমেণ্ট কৰে। আন এজনে কমেণ্ট কৰে “এটা ৱাছিং মেচিনে সেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি ভবা নাছিলোঁ।"
First published: April 1, 2021, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি