মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»আৰৱীয় মূলৰ মুছলমান মহিলা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ পদত

আৰৱীয় মূলৰ মুছলমান মহিলা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ পদত

News18 Assam | News18-Assam
Updated:September 2, 2021, 8:47 AM IST
আৰৱীয় মূলৰ মুছলমান মহিলা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ পদত
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সকলো ধৰ্মালম্বীকে সম সুযোগ দিছে : আইডিএফ।

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে সকলো ধৰ্মালম্বীকে সম সুযোগ দিছে : আইডিএফ।

  • Share this:
পেলেষ্টাইন আৰু লেবাননৰ ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ইজৰাইলক বহু ইছলামিক সংগঠনে ইছলামবিৰোধী দেশ আখ্যা দিছিল। ইজৰাইলী সেনা বাহিনী আইডিএফে আনকি ইছলাম ধৰ্মালম্বী লোকক অত্যাচাৰ কৰাৰ অভিযোগ পেলেষ্টাইনৰ বহু সংগঠনে কৰিছিল। কিন্তু আইডিএফে সদায় ধৰ্মনিৰপেক্ষ বুলি দাবী কৰি আহিছে।

শেহতীয়াভাৱে আইডিএফে এক বিশেষ টুইটযোগে সেই কথাৰ প্ৰমাণ পুনৰ দিছে। আৰৱীয় মূলৰ এগৰাকী মুছলমান মহিলা, যিগৰাকী দীৰ্ঘদিন ধৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত, তেওঁক ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে টুইটযোগে অভিনন্দন জনোৱাৰ লগতে পুনৰ ইজৰাইলী প্ৰতিৰক্ষা বাহিনী অৰ্থাৎ আইডিএফৰ ধৰ্মনিৰপেক্ষতাৰ উদাহৰণ দিছে।

মেজৰ এলা নামৰ এইগৰাকী মুছলমান মহিলাক অভিনন্দন জনাই আইডিএফে জনায়, "আইডিএফত প্ৰতিটো সপোন পূৰ কৰিব পাৰি। আইডিএফে কেতিয়াও মুছলমান, খ্ৰীষ্টান অথবা ইহুদীৰ মাজত বাচ-বিচাৰ কৰা নাই। পুৰুষ আৰু মহিলাকো সম সুযোগ দিছে আইডিএফে।"

উল্লেখযোগ্য যে, মেজৰ এলা হৈছে ইজৰাইলী সুৰক্ষা বাহিনীৰ মেজৰ পদত কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ মুছলমান মহিলা।
Published by: Sanjay Kumar Das
First published: September 2, 2021, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি