দেখাত একেই দুই যমজ ভগ্নীক বিয়া কৰালে দুই একেই দেখা যমজ ভাতৃয়ে! তাৰ পিছত...

ওহাইও ট্যুইন্স ফেষ্টিভেলৰ এক অদ্ভুত ঘটনাৰ সাক্ষী আছিল সমগ্ৰ পৃথিৱী। তাৰ পিছৰ পৰাই নিশাটোৰ ভিতৰতে চেলিব্ৰিটি হা যায় এই যমজ দম্পত্তি।
ওহাইও ট্যুইন্স ফেষ্টিভেলৰ এক অদ্ভুত ঘটনাৰ সাক্ষী আছিল সমগ্ৰ পৃথিৱী। তাৰ পিছৰ পৰাই নিশাটোৰ ভিতৰতে চেলিব্ৰিটি হা যায় এই যমজ দম্পত্তি।
- News18 Assam
- Last Updated: April 1, 2021, 2:58 PM IST
View this post on Instagram
যোৱা বছৰ আগষ্ট মাহতে আহিছিল সুখবৰটো। ইনষ্টাগ্ৰামত পোষ্ট কৰি তেওঁলোকে জনাইছিল যে, একেলগে মাতৃ হ'বলৈ ওলাইছে যমজ ভগ্নী বোনা ব্ৰিটানী আৰু ব্ৰায়ানা। আৰু এই সুখবৰ লাভ কৰাৰ পিছতে সকলোৰে মন ভৰি পৰিছিল আনন্দৰে।
বছৰৰ আৰম্ভণিতে ব্ৰিটানী আৰু যশৰ জীৱনলৈ আহিল নতুন অতিথি। সদ্যোজাত সন্তানৰ সৈতে এখন ফটো পোষ্ট কৰি যশে দিয়ে এই সুখবৰ। নাম ৰাখিলে জেট চালইয়াৰ্চ।
View this post on Instagram
আনহাতে ব্ৰায়ানাও এতিয়া গৰ্ভৱতী। কিছুদিনৰ পিছতে ব্ৰায়ানা আৰু জেৰেমিৰ জীৱনলৈও আহিব নতুন আলহী।
উল্লেখ্য যে, ২০১৮ চনত ট্যুইন্স ফেষ্টিভেল ডেৰ দিনা যশ আৰু জেৰেমিৰ সৈতে বিয়া হৈছিল ব্ৰিটানী আৰু ব্ৰায়ানা। তাৰ ঠিক এটা বছৰৰ পূৰ্বে সেই অনুষ্ঠানতে তেওঁলোকৰ মাজত চিনা পৰিচয় ঘটিছিল।