ছাইবেৰিয়াত পোৱা গৈছে বৰফত হিমায়িত হৈ থকা এটা মাইকী সিংহ পোৱালি। সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত পোৱা সিংহ পোৱালিটোৰ প্ৰায় ২৮,০০০ বছৰ আগতে মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে বিশেষজ্ঞই।
চুইডেনৰ ষ্টকহোমৰ চেণ্টাৰ ফৰ পেলিঅ'জেনেটিক্সৰ দলটোৱে মাইকী সিংহ পোৱলিটোক স্পাৰ্টা ৰূপে নামকৰণ কৰে। বিশেষজ্ঞৰ দলটোৱে উল্লেখ কৰা মতে, ভালদৰে সংৰক্ষিত অৱস্থাত পোৱা বৰফ যুগৰ প্ৰাণীবোৰৰ ভিতৰত স্পার্টাও এটা।
গৱেষণা অনুসৰি, মৃত্যুৰ সময়ত মাইকী পোৱালীটোৰ বয়স দুমাহতকৈ কম আছিল। বিজ্ঞানীসকলৰ মতে, সোণালী কেশৰেৰে আবৃত অৱস্থাত পোৱা সিংহটো অধুনালুপ্ত বিগ কেট প্ৰজাতিৰ সিংহ। মাইকী পোৱালীটোৰ দাঁত, ছাল আৰু কেশৰৰ এতিয়াও অক্ষত আছে।
This CAVE LION cub is arguably the best preserved #iceage animal ever found!
It's name is Sparta.
In a paper published today with colleagues from ?? ?? & ??, we use DNA & 14C to show that it's a female cub that died c 28,000 years ago.
Read more here:https://t.co/Vc2VI7VFfJ pic.twitter.com/NkXTFCvsyB
— Centre for Palaeogenetics (@CpgSthlm) August 4, 2021
তাপমাত্ৰা নিৰন্তৰ শূন্য ডিগ্ৰী চেলচিয়াছৰ তলত থকা ঠাইত ইয়াৰ শৱদেহ থকা বাবে ই অক্ষত অৱস্থাত আছিল। ইয়াৰ লগতে ৪৯ ফুট দূৰত আন এটি সিংহ পোৱালি উদ্ধাৰ হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|