IND vs NZ :ছেমি ফাইনেলত কোনটো দল ফেভাৰিট, ইতিহাসে কি কয়?
News18-Assam Updated:July 8, 2019, 3:48 PM IST

বিশ্বকাপৰ ইতিহাসত ভাৰতে এইবাৰৰ সৈতে মুঠ ৭ বাৰ ছেমিফাইনেললৈ উন্নীত হোৱাৰ বিপৰীতে নিউজীলেণ্ড উন্নীত হৈছে ৮ বাৰ
বিশ্বকাপৰ ইতিহাসত ভাৰতে এইবাৰৰ সৈতে মুঠ ৭ বাৰ ছেমিফাইনেললৈ উন্নীত হোৱাৰ বিপৰীতে নিউজীলেণ্ড উন্নীত হৈছে ৮ বাৰ
- News18 Assam
- Last Updated: July 8, 2019, 3:48 PM IST
মঙলবাৰে অনুষ্ঠিত হ’ব চলিত বিশ্বকাপৰ প্রথমখন ছেমি ফাইনেল। প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰত আৰু চতুৰ্থ স্থানত থকা নিউজীলেণ্ড। হাইভল্টেজ মেচখনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশৰ ক্ৰিকেট অনুৰাগীসকল। কিন্তু বিশ্বকাপৰ ইতিহাসত দুয়োটা দলৰ প্ৰদৰ্শনলৈ চালে এই মুহূৰ্তত ভাৰতীয় দল কিছু আগবাঢ়ি থকা পৰিলক্ষিত হয়। বিশ্বকাপৰ ইতিহাসত ভাৰতে এইবাৰৰ সৈতে মুঠ ৭ বাৰ ছেমি ফাইনেললৈ উন্নীত হোৱাৰ বিপৰীতে নিউজীলেণ্ড উন্নীত হৈছে ৮ বাৰ। কিন্তু তাৰে ভিতৰত ভাৰতে তিনিবাৰ ফাইনেল খেলি দুবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। কিন্তু নিউজীলেণ্ডে আঠবাৰ ছেমি ফাইনেল খেলি মাত্ৰ এবাৰ ফাইনেল খেলাৰ সুযোগ পাইছে। বিগত বিশ্বকাপৰ নিউজীলেণ্ড আৰু ভাৰত দুয়োটা দলেই ছেমিফাইনেল খেলাৰ সুযোগ পাইছিল যদিও ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ফাইনেললৈ উন্নীত হৈও নিউজীলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয়।
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰত আৰু নিউজীলেণ্ড
মুখামুখি– ১০৭ বাৰ
ভাৰতৰ জয়– ৫৫
নিউজীলেণ্ডৰ জয়– ৪৫
ড্ৰ–০১
অমীমাংসিত– ০৬
বিশ্বকাপত ভাৰত আৰু নিউজীলেণ্ড
মুখামুখি– ০৭ বাৰ
ভাৰতৰ জয়– ০৩
নিউজীলেণ্ডৰ জয়– ০৪
অমীমাংসিত–০১
মুখামুখি– ০৭ বাৰ
ভাৰতৰ জয়– ০৩
নিউজীলেণ্ডৰ জয়– ০৪
অমীমাংসিত–০১

বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত
বিশ্বকাপ ১৯৮৩, ভাৰত বনাম ইংলেণ্ড– ৬ উইকেটত ভাৰতৰ জয়লাভ
বিশ্বকাপ ১৯৮৭, ভাৰত বনাম ইংলেণ্ড– ৩৫ ৰানৰ ব্যৱধানত ইংলেণ্ডৰ জয়লাভ
বিশ্বকাপ ১৯৯৬, ভাৰত বনাম শ্ৰীলংকা– শ্ৰীলংকাৰ জয়লাভ
বিশ্বকাপ ২০০৩, ভাৰত বনাম কেনিয়া– ৯১ ৰানৰ ব্যৱধানত ভাৰতৰ জয়লাভ
বিশ্বকাপ ২০১১, ভাৰত বনাম পাকিস্তান– ২৯ ৰানৰ ব্যৱধানত ভাৰতৰ জয়লাভ
বিশ্বকাপ ২০১৫, ভাৰত বনাম অষ্ট্ৰেলিয়া–৯৫ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ জয়লাভ