ফাইনেলত এম্পায়াৰে কৰিলে এই তিনিটা ভুল, নিউজীলেণ্ডে ভৰিলে ইয়াৰ মূল্য!
News18-Assam Updated:July 15, 2019, 9:04 AM IST

আইচিচি ৱৰ্ল্ড কাপৰ ফাইনেলত ফীল্ড এম্পায়াৰ কুমাৰ ধৰ্মসেনা আৰু মাৰিয়েছে নিউজীলেণ্ডৰ ইনিংছত ৩টা সিদ্ধান্ত গ্ৰহণ কৰিলে।
আইচিচি ৱৰ্ল্ড কাপৰ ফাইনেলত ফীল্ড এম্পায়াৰ কুমাৰ ধৰ্মসেনা আৰু মাৰিয়েছে নিউজীলেণ্ডৰ ইনিংছত ৩টা সিদ্ধান্ত গ্ৰহণ কৰিলে।
- News18 Assam
- Last Updated: July 15, 2019, 9:04 AM IST
নিউজীলেণ্ডৰ ইনিংছৰ তৃতীয়টো অভাৰত হেনৰী নিকল্ছক ধৰ্মসেনাই Lbw আউট কৰাইছিল। যদিও Reviewৰ পিছত তেওঁক নট আউট ঘোষণা কৰা হৈছিল, কাৰণ বল ষ্টাম্পৰ ওপৰেৰে গৈছিল। ইয়াৰ পিছত ২৩ সংখ্যক অভাৰত লিএম প্লানকেটৰ বল কেনে উলিয়ামছনৰ বেটত লাগি উইকেটকিপাৰৰ হাতত পৰিছিল, কিন্তু ধৰ্মসেনাই সেইটো আউট বুলি ঘোষণা নকৰিলে। ইংলেণ্ডে এই সিদ্ধান্ত ৰিভিউ ল’লে আৰু সিদ্ধান্ত তেওঁলোকৰ পক্ষত থাকিল। ৩৪ সংখ্যক অভাৰত মাৰেয়ছ এৰামছে মাৰ্ক বুডৰ বলত ৰছ টেলৰক Lbw ঘোষণা কৰিলে, যদিও ৰিপ্লে’ত স্পষ্ট আছিল যে বল ষ্টাম্পৰ ওপৰেৰে গৈছিল।
ছেমিফাইনেলতো ধৰ্মসেনাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছিল