স্মিথক দৰ্শকৰ গালি, ক্ষমা বিচাৰিলে বিৰাট কোহলীয়ে

যেতিয়াই স্মিথে বাউণ্ডেৰিলৈ গ’ল, ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলে চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ বিৰুদ্ধে ‘Cheater Cheater’ শ্লোগান দিয়ে।

news18assam
Updated:June 10, 2019, 12:33 PM IST
স্মিথক দৰ্শকৰ গালি, ক্ষমা বিচাৰিলে বিৰাট কোহলীয়ে
যেতিয়াই স্মিথে বাউণ্ডেৰিলৈ গ’ল, ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলে চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ বিৰুদ্ধে ‘Cheater Cheater’ শ্লোগান দিয়ে।
news18assam
Updated: June 10, 2019, 12:33 PM IST
বিৰাট কোহলী আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ মাজত সংঘাত আছে যদিও এতিয়া যেন কোহলী সলনি হৈছে। কোনো অষ্ট্ৰেলিয়ান খেলুৱৈক খেলপথাৰত গালি দিয়াটো কোহলীয়ে ভাল নাপায়। অ’ভেলৰ খেলপথাৰত যেতিয়া দৰ্শকে ষ্টিভ স্মিথক গালি দিছিল তেতিয়া কোহলীয়ে নিজেই বিচাৰিলে ক্ষমা।

সম্পূৰ্ণ ঘটনাটো কি?
প্ৰকৃততে দেওবাৰে ভাৰত–অষ্ট্ৰেলিয়াৰ মাজত খেল চলি থকাৰ মাজতে অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে অন্তিম অভাৰত ষ্টিভ স্মিথক বাউণ্ডেৰিত ফিল্ডিং কৰিবলৈ কয়। যেতিয়াই স্মিথে বাউণ্ডেৰিলৈ গ’ল, ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলে চিঞৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ বিৰুদ্ধে ‘Cheater Cheater’ শ্লোগান দিয়ে। ভাৰতীয় অধিনায়ক কোহলীয়ে যেতিয়া এই ঘটনা দেখিলে তেতিয়া তেওঁ দৰ্শকসকলক এনেকুৱা নকৰিবলৈ কয়।

কি ক’লে কোহলীয়ে?
খেলৰ পিছত যেতিয়া বিৰাট কোহলীয়ে সংবাদ মাধ্যমৰ সন্মুখলৈ আহে তেতিয়া তেওঁ কয় যে কোনোৱে এনেধৰণৰ ব্যৱহাৰ কৰাটো তেওঁৰ ভাল নালাগে। তেওঁ কয় – ইয়াত বহুসংখ্যক ভাৰতীয় দৰ্শক আছিল। মই বিচৰা নাছিলো যে তেওঁলোকে এনেদৰে এটা বেয়া পৰম্পৰা আৰম্ভ কৰক। এইবোৰ দেখি মোৰ যথেষ্ট বেয়া লাগিছিল। সঁচা ক’বলৈ হ’লে স্মিথে এনেকুৱা একো কৰা নাছিল যাৰ বাবে তেওঁক গালি পাৰিব। সেইবাবে মই দৰ্শকসকলৰ হৈ ক্ষমা বিচাৰিছো। তেওঁ বহু চেষ্টাৰ বলত দললৈ উভতিছে। সেয়েহে তেওঁৰ সৈতে এনে ব্যৱহাৰ কৰাটো উচিত নহয়।’

উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাত টেষ্ট মেচৰ সময়ত বল নষ্ট কৰাৰ অভিযোগত ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্নাৰ আৰু কেমৰন বেনক্ৰাফ্টক এবছৰৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰোৱা হৈছিল। বিশ্বকাপৰ পূৰ্বে পুনৰ দললৈ উভতিছে তিনিওগৰাকী খেলুৱৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি