ঋষভ পন্তৰ শ্বটক দুখজনক আখ্যা পিটাৰছনৰ, কি উত্তৰ দিলে যুৱৰাজে?

পিটাৰছনৰ এই টুইটৰ পিছতে ঋষভ পন্তৰ পক্ষত থিয় হৈছে যুৱৰাজ সিং।

news18assam
Updated:July 11, 2019, 6:26 PM IST
ঋষভ পন্তৰ শ্বটক দুখজনক আখ্যা পিটাৰছনৰ, কি উত্তৰ দিলে যুৱৰাজে?
পিটাৰছনৰ এই টুইটৰ পিছতে ঋষভ পন্তৰ পক্ষত থিয় হৈছে যুৱৰাজ সিং।
news18assam
Updated: July 11, 2019, 6:26 PM IST
আই চি চি ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ অভিযান সামৰিলে টীম ইণ্ডিয়াই। দুৰ্বল বেটিঙৰ বাবেই নিউজীলেণ্ডৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হ’ল ভাৰতে। ছেমি ফাইনেল বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে মাত্ৰ ১–১ ৰান কৰি আউট হয়। ইয়াৰ পিছত মিডিল অৰ্ডাৰত ঋষভ পন্তে ৩২ ৰান কৰে যদিও ভুল শ্বট খেলি নিজৰ উইকেট হেৰুৱায়। পন্তৰ এই শ্বটে ক্ৰিকেট বিশ্বৰ কেইবাগৰাকীও মহাৰথীক নিৰাশ কৰিলে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে ঋষভ পন্তৰ শ্বটক লৈ সমালোচনা কৰিছে। পীটাৰছনে টুইটাৰত লিখিছে – ‘কিমান বাৰ আমি পন্তৰ এনে কৰা দেখিছো? এই কাৰণে তেওঁক আৰম্ভণিতে দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। দুখজনক।’



পিটাৰছনৰ এই টুইটৰ পিছতে ঋষভ পন্তৰ পক্ষত থিয় হৈছে যুৱৰাজ সিং। যুৱৰাজে পিটাৰছনৰ টুইটৰ প্ৰত্যুত্তৰ দি লিখিছে – ‘পন্তে কেৱল আঠখন এদিনীয়া মেচ খেলিছে। এয়া তেওঁৰ ভুল নহয়, তেওঁ শিকিব আৰু ভাল হ’ব। এয়া কোনো দুখনজনক কথা নহয়। যিকি নহওক আমি আমাৰ মন্তব্য প্ৰকাশ কৰাৰ অধিকাৰ আছে।’

যুৱৰাজ সিঙৰ প্ৰত্যুত্তৰৰ পিছতে পিটাৰছনে লিখিছে – মই এইবাবেই পন্তক সমালোচনা কৰিছো কাৰণ তেওঁ বহুত ভাল খেলে। তেওঁ কেইবাবাৰো এনেকুৱা কৰিছে। বিশ্বাস ৰাখিছো যে তেওঁ সোনকালে শিকিব। তাৰ পিছতে যুৱৰাজে লিখিছে যে মই সহমত।
আৰু চাওক পৰৱৰ্তী বাতৰি