১৮ মাহ ধৰি বহুত কষ্ট সহিলো – বিস্ফোৰক প্ৰদৰ্শনৰ পিছত ক’লে মহম্মদ ছামীয়ে

চলিত বিশ্বকাপত ছামীয়ে এটা হেটট্ৰিকসহ দুখন মেচত লাভ কৰিছে ৮টা উইকেট।

News18-Assam
Updated:June 28, 2019, 5:24 PM IST
১৮ মাহ ধৰি বহুত কষ্ট সহিলো – বিস্ফোৰক প্ৰদৰ্শনৰ পিছত ক’লে মহম্মদ ছামীয়ে
চলিত বিশ্বকাপত ছামীয়ে এটা হেটট্ৰিকসহ দুখন মেচত লাভ কৰিছে ৮টা উইকেট।
News18-Assam
Updated: June 28, 2019, 5:24 PM IST
বিশ্বকাপত বিস্ফোৰক প্ৰদৰ্শনৰ পিছতে চৌদিশে এতিয়া প্ৰশংসিত হৈছে ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ ছামী। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চাৰিটা উইকেট লাভ কৰাৰ পিছত ছামীয়ে কয় যে এই প্ৰদৰ্শনৰ বাবে কৃতিত্ব আন কোনেও নহয় তেওঁ নিজে পোৱা উচিত।

ছামীয়ে বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২৫ ৰানত বিজয় সাব্যস্ত কৰাৰ পিছত কয় – এই কৃতিত্ব কোনেও নাপায়, ময়েই পাম। মই নিজকে সম্পূৰ্ণ কৃতিত্ব দিছো। ছামীয়ে বিগত ডেৰ বছৰ ধৰি ঘৰুৱা হিংসাৰ অভিযোগৰ সৈতে যুঁজিবলগীয়া হৈছে। দীঘলীয়া সময়লৈ বিচিচিআইৰ চেন্ট্রেল কন্ট্রেক্ট লিষ্টৰ পৰা আঁতৰোৱা হৈছিল ছামীক। ফিটনেছৰ বাবে তেওঁক এখন টেষ্ট মেচৰ পৰাও বাহিৰ কৰা হৈছিল।

ছামীয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ ফৰ্ম ওভতাই পাইছে। তেওঁৰ বলৰ গতি আৰু ছুইঙক লৈ সোধা প্ৰশ্নৰ উত্তৰত ছামীয়ে কয় যে বিগত ১৮ মাহ ধৰি যি হ’ল, মই সকলো সহ্য কৰিবলগীয়া হৈছে। এইবাবে ইয়াৰ বাবে কৃতিত্ব মই নিজেই পোৱা উচিত।

চলিত বিশ্বকাপত ছামীয়ে এটা হেটট্ৰিকসহ দুখন মেচত লাভ কৰিছে ৮টা উইকেট। ছামীয়ে কয় – মই আল্লাহক ধন্যবাদ জনাইছো যে মোক পাৰিবাৰিক বিষয়ৰ পৰা আৰম্ভ কৰি ফিটনেছলৈ সকলো ক্ষেত্ৰত যুঁজাৰ শক্তি দিছে। এতিয়া মই কেৱল দেশৰ ভাল কৰাত মনোযোগ দিছো।

আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শনৰ বিষয়ে ছামীয়ে কয় যে ফিটনেছ মোৰ বাবে টাৰ্নিং পইণ্ট। মই বিফল হৈছিলো সেয়া অন্য বিষয়, কিন্তু পুনৰ মই কঠোৰ পৰিশ্ৰমেৰে নিজৰ ফিটনেছ ঘূৰাই আনিছো। এতিয়া মোৰ সকলো ফালৰ পৰাই ভাল।
আৰু চাওক পৰৱৰ্তী বাতৰি