বাংলাদেশৰ পৰা সাৱধান হোৱা উচিত টীম ইণ্ডিয়া! পূৰ্বেও বাংলাদেশে ঘটাইছে অঘটন

২০০৭ চনৰ বিশ্বকাপ প্ৰতিজন ভাৰতীয়ৰ বাবে এক দুঃস্বপ্ন। আৰম্ভণিতে বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ভাৰত।

News18-Assam
Updated:July 2, 2019, 12:35 PM IST
বাংলাদেশৰ পৰা সাৱধান হোৱা উচিত টীম ইণ্ডিয়া! পূৰ্বেও বাংলাদেশে ঘটাইছে অঘটন
২০০৭ চনৰ বিশ্বকাপ প্ৰতিজন ভাৰতীয়ৰ বাবে এক দুঃস্বপ্ন। আৰম্ভণিতে বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ভাৰত।
News18-Assam
Updated: July 2, 2019, 12:35 PM IST
বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে আজি বাংলাদেশৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতক প্ৰয়োজন মাত্ৰ আজিৰ খেলখন। আৰু সকলোৱে আশা কৰিছে আজি বাংলাদেশৰ বিৰুদ্ধে বিজয়ী হ’ব কোহলী বাহিনী। ইফালে নক–আউট ৰাউণ্ডত প্ৰৱেশৰ বাবে যিকোনো প্ৰকাৰে আজি ভাৰতক হৰুৱাব লাগিব বাংলাদেশে। বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া খেলখনত যদিও ভাৰতীয় দলটো শক্তিশালী, কিন্তু বাংলাদেশক সহজভাৱে লোৱাটো ভুল হ’ব।

বিগত কেইখনমান বিশ্বকাপলৈ চালে স্পষ্ট হৈ পৰে যে বাংলাদেশ দলে কেইবাটাও শক্তিশালী দলক বিশ্বকাপৰ পৰা বাহিৰ কৰিছে। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতক প্ৰয়োজন মাত্ৰ ১ পইণ্টৰ, আৰু বাংলাদেশৰ পিছত আছে আৰু এখন খেল।

এই বিশ্বকাপত বাংলাদেশে দক্ষিণ আফ্ৰিকাক ২১ ৰানত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছিল। দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছে বাংলাদেশে। বিগত বিশ্বকাপত ইংলেণ্ডক পৰাস্ত কৰি বাংলাদেশে ঘটাইছিল বৃহৎ অঘটন। ইংলেণ্ডৰ দৰে শক্তিশালী দলক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছিল বাংলাদেশে, য’ত ভাৰতে ১০৯ ৰানত পৰাস্ত কৰিছিল বাংলাদেশক।

২০০৭ চনৰ বিশ্বকাপ প্ৰতিজন ভাৰতীয়ৰ বাবে এক দুঃস্বপ্ন। আৰম্ভণিতে বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল ভাৰত। ছুপাৰ ৮ত বাংলাদেশে ভাৰতক বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পথ দেখুৱাইছিল। ভাৰতীয় দলে বাংলাদেশক মাত্ৰ ১৯২ ৰানৰ লক্ষ্য বান্ধি দিবলৈ সক্ষম হৈছিল, যি লক্ষ্য বাংলাদেশে ৯টা বল বাকী থকা অৱস্থাতে স্পৰ্শ কৰিছিল। গতিকে বাংলাদেশ দলটোক ভাৰতে সহজভাৱে লোৱাটো উচিত নহ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি