• Home
  • »
  • News
  • »
  • world
  • »
  • আফগানিস্তানৰ সৈতে কঠিন জয়ৰ পিছত কিহক লৈ চিন্তিত বিৰাট কোহলী?

আফগানিস্তানৰ সৈতে কঠিন জয়ৰ পিছত কিহক লৈ চিন্তিত বিৰাট কোহলী?

যদিও ছেমি ফাইনেলত প্ৰৱেশৰ পথ কঠিন নহয়, তথাপি আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

যদিও ছেমি ফাইনেলত প্ৰৱেশৰ পথ কঠিন নহয়, তথাপি আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

যদিও ছেমি ফাইনেলত প্ৰৱেশৰ পথ কঠিন নহয়, তথাপি আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

  • Share this:
    বিশ্বকাপত টীম ইণ্ডিয়াৰ বিজয়ৰ ধাৰা অব্যাহত আছে। যদিও ছেমি ফাইনেলত প্ৰৱেশৰ পথ কঠিন নহয়, তথাপি আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ বেটিঙক লৈ উত্থাপন হৈছে প্ৰশ্নৰ। বিশেষকৈ চাৰি নম্বৰৰ বেটছমেনক লৈ চিন্তিত অধিনায়ক বিৰাট কোহলী। ছেমি ফাইনেলৰ পূৰ্বে যিকোনো প্ৰকাৰে কোহলীয়ে চাৰি নম্বৰৰ বাবে উলিয়াব লাগিব উপায়।

    চলিত বিশ্বকাপত এতিয়ালৈ টীম ইণ্ডিয়াই চাৰিখন মেচত বেটিং কৰাৰ সুযোগ পাইছে। এই চাৰিখন খেলত টীম ইণ্ডিয়াই তিনিজন বেটছমেনক চাৰি নম্বৰত খেলপথাৰত নমাইছে। অষ্ট্ৰেলিয়াৰ আৰু পাকিস্তানৰ বিৰুদ্ধে হাৰ্দিক পাণ্ডিয়াই চাৰি নম্বৰত বেটিং কৰিছিল। সাধাৰণতে সাত নম্বৰত বেটিং কৰা পাণ্ডিয়াক বিৰাট কোহলীয়ে খেলৰ পৰিস্থিতিলৈ চাই চাৰি নম্বৰত বেটিং কৰিবলৈ পঠিয়াইছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলত কে এল ৰাহুলক দিয়া হৈছিল চাৰি নম্বৰ স্থান। কিন্তু শিখৰ ধৱন বাহিৰ হোৱাৰ পিছত কে এল ৰাহুলক অপেনিং কৰিবলৈ দিয়া হৈছে। তাৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে বিজয় শংকৰে চাৰি নম্বৰত বেটিং কৰিছিল।

    এই বছৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটোৱা বিজয় শংকৰে বিশ্বকাপত মাত্ৰ এবাৰ চাৰি নম্বৰত বেটিং কৰাৰ সুযোগ পাইছে। আফগানিস্তানৰ বিৰুদ্ধে চাৰি নম্বৰট বেটিং কৰি শংকৰে সংগ্ৰহ কৰিছিল ২৯ ৰান। বিজয় শংকৰৰ উল্লেখযোগ্য দিশটো হ’ল তেওঁ বলিঙো কৰিব পাৰে। পাকিস্তানৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন কৰিছিল যদিও আফগানিস্তানৰ বিৰুদ্ধে বলিং কৰাৰ সুযোগ পোৱা নাছিল। এনে অৱস্থাত চাৰি নম্বৰৰ বাবে বিজয় শংকৰ উপযুক্ত নহ’ব বুলি বিবেচিত হৈছে।

    এতিয়ালৈকে এদিনীয়াত ৭৭টা ইনিংছ খেলা দীনেশ কাৰ্তিকে সৰ্বাধিক চাৰি নম্বৰত বেটিং কৰিছে। কিন্তু চলিত বিশ্বকাপৰ প্লেয়িং ইলেভেনত স্থান লাভ কৰা নাই দীনেশ কাৰ্তিকে। চাৰি নম্বৰত বেটিং কৰা কাৰ্তিকৰ গড় ৰান ৩৮.৭২। এনে অৱস্থাত বিৰাট কোহলীয়ে পৰৱৰ্তী খেলত কাৰ্তিকক সুযোগ দিয়াৰ সম্ভাৱনা আছে।

    শিখৰ ধৱন বাহিৰ হোৱাৰ পিছত বিশ্বকাপৰ দলত স্থান পাইছিল ঋষভ পন্তে। কিন্তু এইপৰ্যন্ত প্লেয়িং ইলেভেনত স্থান পোৱা নাই পন্তে। ঋষভ পন্তৰ আছে মাত্ৰ ৫খন এদিনীয়া খেলাৰ অভিজ্ঞতা। এই বৰ্ষত আই পি এলত পন্তে বিস্ফোৰক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিগত বৰ্ষত ইংলেণ্ডত টেষ্ট ক্ৰিকেটত শতৰান অৰ্জন কৰিছিল পন্তে। এনে পৰিস্থিতিত বিৰাট কোহলীৰ চকুত পৰিব পাৰে ঋষভ পন্ত।
    First published: